Site icon Guwahati Times

শিশুক চুমা খোৱাৰ ভিডিঅ’ই বিতৰ্কৰ সৃষ্টি কৰাৰ পিছতে ক্ষমা বিচাৰিলে দালাই লামাই

দেওবাৰে দালাই লামাই এজন ল’ৰাৰ ওঁঠত চুমা খাই ‘জিভা চুহিবলৈ’ কোৱাৰ কথিত ভিডিঅ’ই সমগ্ৰ বিশ্বজুৰি ক্ষোভৰ সৃষ্টি কৰাৰ পিছত তিব্বতৰ আধ্যাত্মিক ধৰ্মগুৰু গৰাকীয়ে ক্ষমা বিচাৰিছে।

বৌদ্ধধৰ্মগুৰু গৰাকীৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত কোৱা হৈছে যে এই বিষয়টোৰ বাবে তেওঁ অনুশোচনা কৰিছে আৰু ভাইৰেল ভিডিঅ’টোত থকা ল’ৰাজন, তেওঁৰ পৰিয়াল আৰু ‘গোটেই বিশ্বৰ বন্ধু’সকলক উদ্দেশ্যি ক্ষমাপ্ৰাৰ্থনা কৰিছে।

“এটা ভিডিঅ’ ক্লিপ প্ৰচাৰিত হৈছে য’ত দেখা গৈছে যে শেহতীয়াকৈ এখন বৈঠকত এজন সৰু ল’ৰাই দালাই লামাক সুধিছিল যে তেওঁ তেওঁক সাৱটি ধৰিব পাৰিবনে? তেওঁৰ পবিত্ৰতাই প্ৰায়ে তেওঁ লগ পোৱা মানুহক নিৰীহ আৰু চঞ্চলভাৱে জোকাই থাকে, আনকি ৰাজহুৱা স্থানত আৰু কেমেৰাৰ আগতো তেওঁ ধেমালী কৰে। এই ঘটনাৰ বাবে তেওঁ অনুশোচনা কৰিছে।’-বিবৃতিটোত কোৱা হৈছে।

বহুলভাৱে প্ৰচাৰিত ভিজুৱেলবোৰত দেখা গৈছিল যে নোবেল বঁটা বিজয়ীজনে জিভাখন উলিয়াই ল’ৰাজনক জিভাখন চুহিবলৈ কোৱাৰ সময়তে ল’ৰাজনে শ্ৰদ্ধা জনাইছিল।

Exit mobile version