Site icon Guwahati Times

শিশু শ্ৰমিকক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ উপ-পৰিদৰ্শক জয়ন্ত বৰাৰ লগতে পত্নী, বোৱাৰী..

পুনৰ গ্ৰেপ্তাৰ হ’ল আৰক্ষীৰ আন এজন উপ-পৰিদৰ্শক।

এইবাৰ গ্ৰেপ্তাৰ হ’ল উপ-পৰিদৰ্শক জয়ন্ত বৰা।

জয়ন্ত বৰাৰ বিৰুদ্ধে উত্থাপিত হৈছিল শিশু শ্ৰমিকক শাৰীৰিক প্ৰহাৰৰ অভিযোগ।

নিজৰ বাসগৃহত শিশু শ্ৰমিক ৰখাৰ উপৰিও শিশু শ্ৰমিকৰ চুলি কাটি, শাৰীৰিক প্ৰহাৰ কৰি চলাইছিল নিৰ্যাতন।

ঘটনা সংক্ৰান্তত আৰক্ষী উপ-পৰিদৰ্শকগৰাকীৰ পত্নী বনশ্ৰী বৰা আৰু বোৱাৰী দীপশিখা শইকীয়াকো গ্ৰেপ্তাৰ আৰক্ষীৰ।

অৱশ্যে দুয়োগৰাকীকে আৰক্ষীয়ে জামিন পৰোৱানাত যাবলৈ দিয়ে।

প্ৰয়োজনত পুনৰ দুয়ো হাজিৰ হ’ব লাগিব বোকাখাত আৰক্ষী থানাত।

বৰ্তমানো পলাতক ঘটনাৰ মূল অভিযুক্ত তথা জয়ন্ত বৰাৰ খুলশালি বাবুল শইকীয়া।

বাবুল বৰাৰ বিৰুদ্ধে১০৬/২৩ নম্বৰত আই পি চিৰ ৩২৩/২২৬/৩৪ ধাৰাত গোচৰ ৰুজু।

ইয়াৰোপৰি শ্ৰমিক আইনৰ অধীনতো ৰুজু কৰা হৈছে গোচৰ।

Exit mobile version