শিৱসাগৰ সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব অখিল গগৈয়ে

আজিৰ পৰা ৰাজ্যত আকৌ আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন। শুকুৰবাৰে শিৱসাগৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল কেইবাটাও দল সংগঠন। তাৰ মাজতে ৰাইজৰ দলৰ আহ্বায়ক শৃংখল চলিহাৰ গুৰুত্ব পূৰ্ণ মন্তব্য।

অখিল গগৈক মুক্তি নিদিয়া পৰ্যন্ত ৰাজ্যত ব্যাপক ৰূপত চলিব কা’ৰ বিৰুদ্ধে প্ৰতিবাদ। আনহাতে কাৰাবন্দী হৈ থকা অখিল গগৈয়ে আগন্তুক বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিব। ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব অখিল গগৈয়ে। আৰু অখিল গগৈক এক লাখৰো অধিক ভোটৰ ব্যৱধানত জয়ী কৰি অনা হ’ব। এই মন্তব্য কৰিলে কা’ বিৰোধী নেতা তথা ৰাইজৰ দলৰ আহ্বায়ক শৃংখল চলিহাৰ।

ইফালে চলিত মাহৰ মাজভাগত অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব বুলি আশা প্ৰকাশ কৰে শৃংখল চলিহাই। শৃংখল চলিহাই লগতে কয় যে, ‘ঐতিহাসিক শিৱসাগৰৰ পৰা অখিল গগৈৰ জয় নিশ্চিত। সাহস আছে যদি সৰ্বানন্দ সোণোৱালে অখিল গগৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াওক। শিৱসাগৰৰ আধৰুৱা হৈ থকা সমস্যা সমাধান কৰিব অখিল গগৈয়ে।’

Source:News18

You May Also Like

More From Author