Site icon Guwahati Times

শৰৎ চন্দ্ৰ লেখাৰু সোঁৱৰণী তৰ্ক প্ৰতিযোগিতাত কটন বিশ্ববিদ্যালয় শ্ৰেষ্ঠ দল

গুৱাহাটী,১৮ ফেব্ৰুৱাৰী

মহানগৰীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত চিভিল ছাৰ্ভিচ এচিভাৰ্ছ পইণ্টৰ উদ্যোগত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হয় প্ৰথম স্বৰ্গীয় শৰৎ চন্দ্ৰ লেখাৰু সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা। প্ৰতিযোগীতাখনত অংশ গ্ৰহন কৰা ৰাজ্যৰ বহুকেইখন শিক্ষানুষ্ঠানৰ প্ৰায় ১৫টা দলৰ ভিতৰত কটন বিশ্ববিদ্যালয়ৰ হেমাংগ গগৈ আৰু জেচমিন চুলতানাই শ্রেষ্ঠ দলৰ সন্মান লাভ কৰে। যুটীয়া ভাৱে শ্ৰেষ্ঠ তৰ্কিক ৰ সন্মান লাভ কৰে হেমাংগ গগৈ আৰু সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰী কস্তুৰী চেতিয়াই। প্ৰতিযোগিতা খনৰ বিষয় আছিল সদনৰ মতে,”সাম্প্ৰতিক অসমৰ ৰাজনীতি ৰ প্ৰেক্ষাপটৰ প্ৰচাৰত তথ্য তকৈ ভয়ে অধিক প্ৰাধান্য লাভ কৰিছে। ”
অইল ইণ্ডিয়া প্ৰাক্তন বিষয়া জয়ন্ত মাধৱ বৰুৱাৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰতিযোগিতা খনত বিচাৰকৰৰ আসন অলংকৃত কৰে জ্যেষ্ঠ তাৰ্কিক জিন্টু গোহাঁই আৰু কংকন বৰদলৈয়ে।

Exit mobile version