Site icon Guwahati Times

সংগীতানুষ্ঠানৰ মাজতে খং উঠিল প্ৰিয়ংকা ভৰালীৰ…

সংগীতানুষ্ঠানৰ মাজতে খং উঠিল প্ৰিয়ংকা ভৰালীৰ, ক’লে – ‘লেতেৰা বস্তু খাই আহি ৰঙালী বিহুক অপমান নকৰিব’

বাক্সাৰ জালাহত সোমবাৰে নিশা সংগীতানুষ্ঠান পৰিৱেশনৰ সময়ত অস্বস্তিত পৰিল কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী (Priyanka Bharali)। সংগীতানুষ্ঠানৰ মাজতে এগৰাকী দৰ্শকৰ অভব্য বাক্যবাণৰ বাবে খং উঠিল কণ্ঠশিল্পীগৰাকীৰ। অভব্য আচৰণ কৰা দৰ্শকক মঞ্চৰ পৰাই প্ৰিয়ংকাই দিলে প্ৰত্যুত্তৰ।

জালাহ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰাৰ মাজতে এগৰাকী দৰ্শকৰ অশালীন আচৰণে অস্বস্তিত পেলায় প্ৰিয়ংকা ভৰালীক। যাৰ ফলত ক্ষুব্ধ হৈ পৰে কণ্ঠশিল্পীগৰাকী।
মুকলিভাৱে মাইকযোগে মঞ্চৰ পৰাই দৰ্শকগৰাকীক উদ্দেশ্যি শিল্পীগৰাকীয়ে কলে, ‘লেতেৰা বস্তু খাই আহি ৰঙালী বিহুক অপমান নকৰিব। মদ খাই গান শুনিবলৈ নাহিব৷’ অতিষ্ঠ হৈ গীত পৰিৱেশন নকৰাৰ সিদ্ধান্ত লৈছিল যদিও পিছত ৰাইজৰ কথা ভাবি অনুষ্ঠান পৰিৱেশন কৰিলে কণ্ঠশিল্পীগৰাকীয়ে।

Exit mobile version