Site icon Guwahati Times

সংসদ ভৱন কাণ্ড ৰাজনীতিৰ ঊৰ্ধ্বত, বিৰোধীক ৰাজনীতিকৰণ নকৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

সংসদ ভৱন কাণ্ডক (Parliament Attack) লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (Narendra Modi) প্ৰথম প্ৰতিক্ৰিয়া। ঘটনাত ৰাজনীতিকৰণ নকৰিবলৈ বিৰোধীক আহ্বান প্ৰধানমন্ত্ৰীৰ মোদীৰ। সংসদ ভৱন কাণ্ড ৰাজনীতিৰ ঊৰ্ধ্বত বুলি মন্তব্য কৰি ইয়াক গুৰুতৰ ঘটনা আখ্যা দিয়ে প্ৰধানমন্ত্ৰীয়ে।

এক ৰাষ্ট্ৰীয় সংবাদ পত্ৰত দিয়া সাক্ষাৎকাৰত সংসদ ভৱন কাণ্ডৰ বিতং তথ্য উদঘাটন কৰিব লাগিব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তৰ্ক, বিতৰ্ক আৰু প্ৰতিবাদ এৰি বিষয়টোৰ বুজিব লাগিব বুলি মন্তব্য কৰি ঘটনাটোৰ গম্ভীৰতা বুজি সমাধানৰ পথ বিচাৰিব লাগিব বুলি কয় মোদীয়ে।

সংসদ ভৱন কাণ্ড অতি দুখজনক আৰু উদ্বেগজনক আখ্যা দি বিৰোধীক ইতিবাচক ৰাজনীতি কৰিবলৈ অনুৰোধ জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে তদন্তকাৰী সংস্থাসমূহে জোৰদাৰভাৱে অনুসন্ধান কৰি আছে আৰু এই ঘটনাৰ আঁৰত কোন, উদ্দেশ্য কি তাৰ গভীৰতালৈ যাব লাগিব বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

Exit mobile version