Site icon Guwahati Times

সদৌ অসম সংখ্যালঘু ছাএ ইউনিয়ন(আমছু)ৰ গোসাইগাওঁ (পূ:) আঞ্চলিক সমিতি গঠন।

গোসাইগাওঁ, ২৯ জুলাই :- সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত ভদেয়াগুৰী এল পি স্কুল খেল পথাৰত এখন গোসাইগাওঁ (পূ:) আঞ্চলিক সমিতি গঠন কৰা হয়।উল্লেখনীয় যে কিছুদিন পূৰ্বে গঠিত গোসাঁইগাঁও আঞ্চলিক সমিতিখন গঠন কৰা হৈছিল যদিও কিছু বিসংগতিৰ অনুমান পাই পুৰনা সমিতিখন ভংগ কৰি আজি নতুনকৈ সমিতিখন পূনৰ গঠন কৰা হয়। সমাজত চলিত অন্যায় ব্যভিচাৰ,অপৰাধমূলক কাৰ্য্যকলাপ,কু-সংস্কাৰ, অন্ধবিশ্বাস,বাল্য বিবাহ, শিশু শ্ৰমিক,জুৱা-তিৰ আদি সমস্যাৰ সমাধানৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সভাখনত উপস্থিত কেন্দ্ৰীয় ছাত্র ইউনিয়নৰ নেতৃবৃন্দই বিশেষ ভাষণ মন্তৱ্য কৰে ।উক্ত পূে:) গোসাইগাওঁ আঞ্চলিক সমিতি খনৰ সভাপতি হিচাবে থাকে,মতিউৰ ৰহমান প্ৰধানি আৰু সাধাৰণ সম্পাদক:-ময়নুল হোছেইন,কাছিমুদ্দিন সেখৰ লগতে ৩১ জন শক্তিশালি যুৱকক লৈ সমিতিখন গঠন কৰা হয় বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।সভাখনত উপস্থিত থাকে কেন্দ্ৰীয় সমিতি (আমছুৰ) উপসভাপতি:- ৰফিকুল ইছলাম, তথা পশ্চিম কোকৰাঝাৰ জিলা আমছুৰ সভাপতি:-মাজাহাৰুল ইছলাম. উপসভাপতি:-জাকিৰ হোসেন ,কাৰ্য্যকৰি সভাপতি:-মস্তাফিজুৰ ৰহমান আৰু সাধাৰণ সম্পাদক ৰেজোৱান আলী।আৰু লগতে নৱ গঠিত পূে:)গোসাইগাওঁ আঞ্চলিক আমছুৰ বিভিন্নকৰ্মীৰ লগতে উপস্থিত এলেকাৰ বিশিষ্ট ব্যক্তি সকল।
সদৌ অসম সংখ্যালঘু ছাএ ইউনিয়ন(আমছু)ৰ গোসাইগাওঁ (পূ:) আঞ্চলিক সমিতি গঠন।

ৰফিকুল ইছলাম Report GTM

Exit mobile version