Site icon Guwahati Times

সন্ধান ওলাল হিমাচলত আৱদ্ধ হৈ থকা ৩ অসমীয়াৰ

হিমাচললৈ গৈছিল সোণাৰিৰ এহাল দম্পতী আৰু এজন যুৱক। তাৰ পাছতে নিৰুদ্দেশ হৈ আছিল কল্যাণ গগৈ,দেৱাশীষ ৰাজখোৱা আৰু শিখা ফুকন। অৱশেষত পৰিয়ালৰে যোগাযোগ স্থাপন আটাইৰে। তিনিও বৰ্তমান ঠিকেই আছে বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে, হিমাচল প্ৰদেশত প্ৰকৃতিয়ে চলাইছে তাণ্ডৱ। প্ৰলয়ংকাৰী বানৰ কবলত পৰি বহুলোক গৃহহীন হোৱাৰ লগতে কোটি কোটি টকাৰ সম্পত্তি নষ্ট হৈছে। তেনে সময়তে অসমৰ এই লোককেইজনো হিমাচলতে নিৰুদ্দেশ হৈ আছিল। তিনিওৰে খবৰ লাভ কৰাৰ পাছতহে যেন সকাহ পাইছে পৰিয়ালৰলোকে।

Exit mobile version