Site icon Guwahati Times

সমলিংগ বিবাহক বৈধতা প্ৰদান নকৰিলে উচ্চতম ন্যায়ালয়ে…

সমলিংগ বিবাহক বৈধতা প্ৰদান নকৰিলে উচ্চতম ন্যায়ালয়ে। আজি এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে। সমলিংগ বিবাহক বৈধতা প্ৰদান নকৰিলে যদিও লিভ-ইনৰ সন্মতি দিলে ন্যায়ালয়ে। ট্ৰেন্সজেণ্ডাৰে বিবাহ কৰাব পাৰিব। গে’ দম্পতীৰ বিবাহতো বাধা উচ্চতম ন্যায়ালয়ৰ। অৱশ্যে সমলিংগ দম্পতীয়ে তুলি ল’ব পাৰিব শিশু।

উচ্চতম ন্যায়ালয়ে কয়, বিবাহ মৌলিক অধিকাৰ নহয়। বিশেষ বিবাহ আইনৰ অধীনত সমলিংগ বিবাহক স্বীকৃতি দিব নোৱাৰি। ন্যায়ালয়ে চিভিল ইউনিয়নৰ সিদ্ধান্ত দিব নোৱাৰে। LGBTক বিবাহৰ সমতাৰ অধিকাৰ আৱেদন প্ৰত্যাখ্যান SCৰ।
বৰ্তমান আইনৰ গণ্ডীৰ ভিতৰত সমলিংগ বিবাহক স্বীকৃতি দিয়াত অসুবিধা আছে বুলি মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে। সমলিংগৰ অধিকাৰক লৈ কেন্দ্ৰীয় চৰকাৰে কমিটী গঠন কৰিব। কমিটীয়ে সমলিংগৰ অধিকাৰ, সুৰক্ষা আৰু আনুসংগিক দিশৰ বিবেচনা কৰিব।

এই সন্দৰ্ভত ৰায় প্ৰদান কৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূৰে কয় যে উচ্চতম ন্যায়ালয়ে বিশেষ বিবাহ অধিনিয়মৰ বিধান বাতিল কৰিব নোৱাৰে। মুখ্য ন্যায়াধীশগৰাকীয়ে ৰায় প্ৰদান কৰি সমলিংগ বিবাহক মান্যতা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে। তেওঁ সমলিংগ শ্ৰেণীৰ বিৰুদ্ধে ভেদভাৱ নাইকীয়া কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু আৰক্ষীক কেতবোৰ নীতি–নিৰ্দেশনাও জাৰি কৰে।

Exit mobile version