সমৰ্থকৰ ব্যাপক উচাহ! দলে বলে অসম জাতীয় পৰিষদত যোগদান কৰিলে লুৰিণজ্যোতি গগৈয়ে

1 min read

সকলো জল্পনা কল্পনা অন্ত পেলাই অসম জাতীয় পৰিষদত যোগদান কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য পদত্যাগী সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। আজিৰে পৰা শিৱসাগৰত আৰম্ভ হোৱা অসম জাতীয় পৰিষদৰ প্ৰথমখন ৰাজনৈতিক অভিৱৰ্তনত আনুষ্ঠানিক ভাবে দলটোত যোগদান কৰিলে লুৰিণজ্যোতিয় গগৈয়ে। শ্বহীদ বেদীত সেৱা জনাই বৃহত্‍ সংখ্যক সমৰ্থক সহ নতুন আঞ্চলিক দলটোত যোগদান কৰে আছুৰ প্ৰাক্তন নেতাগৰাকীয়ে।

আনাহাতে লুৰিণ জ্যোতি গগৈয়ে জাতীয় পৰিষদত যোগদান কৰাৰ সময়ত শিৱসাগৰ নাট্য মন্দিৰত উছৱ মুখৰ পৰিবেশৰ সৃষ্টি হয়। উপস্থিত থাকে দলটোৰ মুখ্য আহ্বায়কদ্বয় কৃষ্ণগোপাল ভট্টাচাৰ্য আৰু বসন্ত ডেকা। লগতে উপস্থিত থাকে  সমন্বয়ক জগদীশ ভূঞা, অদীপ কুমাৰ ফুকন।

লুৰিণজ্যোতি গগৈক দললৈ আদৰণি জনাই অসম জাতীয় পৰিষদৰ সকলো নেতা-কৰ্মীয়ে। ইফালে লুৰিণ গগৈক দলত পাই উত্‍ফুল্লিত বুলি মত প্ৰকাশ কৰে সকলোৱে। আনহাতে ১৭ ডিচেম্বৰত গঠন কৰা হ’ব অসম জাতীয় পৰিষদৰ প্ৰথম খন পূৰ্ণাংগ কমিটী। আৰু কাইলৈৰ দিনটোতে লুৰিণ জ্যোতি গগৈৰ হাতত নতুন আঞ্চলিক দলটোৰ নেতৃত্বৰ ভাৰ অৰ্পণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

You May Also Like

More From Author