হাইদৰাবাদ নগৰ পালিকাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি আৰু এআইএমআইএম মুখ্য আচাদুদ্দিন ওবেসীৰ মাজত সংঘাট অক্ষুন্ন আছে। তেনে সময়তে ওবেসীয়ে বিজেপিক সাহস আছে যদি চীনা সেনাৰ ওপৰত চাৰ্জিকেল ষ্ট্ৰাইক কৰি দেখুৱাওক বুলি প্ৰসংগ উত্থাপন কৰে। ওবেসীয়ে তেওঁৰ টুইটাৰ যোগে লিখে যে বিজেপিয়ে নিৰ্বাচনৰ জয়ৰ সন্দৰ্ভত হাইদৰাবাদৰ নাগৰিক সকলৰ ওপৰত চাৰ্জিকেল ষ্টাইকৰ প্ৰসংগ উত্থাপন কৰিছিল। চীনে ভাৰতীয় সীমা কব্জা কৰাৰ প্ৰসংগ উল্লেখ কৰি বিজপিয়ে লাডাখত সেই সাহস কিয় দেখুৱাব নোৱাৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে।
Some context for people outside Hyderabad: in the ongoing MUNICIPAL polls, BJP has promised a SURGICAL STRIKE against the people of Hyderabad if they win
They don’t show this bravado in Ladakh, where China has occupied Indian territory pic.twitter.com/kyfhKGMMuE
— Asaduddin Owaisi (@asadowaisi) November 24, 2020
ওবেসীয়ে তেওঁৰ টুইটটোত এখন সভাৰ ভিডিঅ’ও চেয়াৰ কৰে। তেওঁ সেই সভাত কিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চীনে দেশৰ সীমা অধিগ্ৰহ কৰাৰ সময়তো চীনৰ নাম কিয় উচ্চাৰণ নকৰে বুলিও প্ৰশ্ন কৰে।
তেওঁ কয় যে, চীনৰ বিৰুদ্ধে চাৰ্জিকেল ষ্ট্ৰাইক কৰিলে তেওঁ যথেষ্ট সুখী হ’ব। তেওঁ লগতে কয় যে যিখন চহৰৰ বাবে আজিলৈ বিজেপিয়ে একো কৰা নাই সেইখন চহৰক চাৰ্জিকেল ষ্ট্ৰাইক কিয় কৰে বুলিও উল্লেখ কৰে।
Source: AsomiyaPratidin

