Site icon Guwahati Times

সুস্বাস্থ্যই বাবে কৰক এই অভ্যাস, বিভিন্ন ৰোগৰ পৰা মুক্ত হ’ব আপুনি

স্বাস্থ্যই পৰম ধন। দেহ ভালে ৰাখিবলৈ দেহৰ যতন লোৱাটোও খুবেই প্ৰয়োজন। আমি প্ৰতিদিনে খোজ কঢ়াৰ অভ্যাস কৰিব লাগে, খোজ কঢ়াৰ আছে এশ গুণ। এই অভ্যাসে আমাৰ শৰীৰক যথেষ্ট শক্তি দিয়ে।

পুৱা সূৰ্য উঠাৰ আগতে বা গধূলি নাইবা আমি ৰাতিও খোজ কঢ়াৰ অভ্যাস কৰিব পাৰো। নিজৰ সুবিধা অনুযায়ী নিয়মিত ভাৱে খোজকঢ়া অতি দৰকাৰী। বিশেষজ্ঞ সকলৰ মতে ৰাতি আহাৰ খোৱাৰ পিছত খোজ কঢ়া শৰীৰৰ বাবে অতি উপকাৰী।

আমি বেছিভাগেই ৰাতিৰ আহাৰ খোৱাৰ পিছত মোৱাইলত ব্যস্ত হৈ পৰো নাইবা শুবলৈ যাওঁ, কিন্তু তেনে কৰা উচিত নহয়। বেমাৰ-আজাৰৰ পৰা মুক্ত হৈ থাকিবলৈ আৰু সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ ৰাতি আহাৰ গ্ৰহণ কৰাৰ পিছত খোজ কাঢ়িব লাগে। খোজ কঢ়াৰ ফলত খোৱা বস্তু সোনকালে হজম হয় আৰু পেটৰ বহুত সমস্যা নোহোৱা হয়।

ৰাতি আহাৰ খোৱাৰ পিছত খোজ কাঢ়িলে অতিৰিক্ত কে’লৰী বাৰ্ণ হয়। যাৰ ফলত ওজন নিয়ন্ত্ৰণত সহায়ক হয়।

বহু সময়ত কামৰ হেঁচাত বা কিছুমান ব্যক্তিগত সমস্যাত টোপনি ভালকৈ নাহে। ৰাতি আহাৰ খোৱাৰ পিছত শুবলৈ নগৈ খোজ কাঢ়িলে মানসিক চাপ কমে আৰু ৰক্ত সঞ্চালন উন্নত হয় । তাৰ ফলত সুন্দৰ টোপনি অহাত সহায় হয়।

শৰীৰৰ বাবে ব্যায়াম অতি প্ৰয়োজন, সময়ৰ অভাৱত ব্যায়াম কৰিব নোৱাৰিলেও তাৰ পৰিপূৰক হিচাপে প্ৰতিদিনে খোজ কাঢ়িব লাগে। খোজ কাঢ়িলে শৰীৰৰ কেলৰি বাৰ্ণ হয়। এটা সুস্থ শৰীৰ, সুন্দৰ চেহেৰাৰ লগতে এটা সুন্দৰ মনৰ অধিকাৰী হ’বৰ বাবেও সদায় খোজ কাঢ়িব লাগে।

Exit mobile version