Site icon Guwahati Times

সুৰামত্ত স্বামীয়ে চোকা অস্ত্ৰৰে হত্যা কৰিলে পত্নীক

শনিবাৰে নিশা চতিয়াত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। উত্তৰ চতিয়াৰ দয়না পুখুৰী গাৱঁত সংঘটিত হৈছে এই হত্যাকাণ্ড। সুৰামত্ত স্বামীয়ে চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰে পত্নীক। নিহত মহিলা গৰাকী ৰীতা স্বৰ্গীয়াৰী বুলি জানিব পৰা গৈছে।

হত্যাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও পাৰিবাৰিক কন্দলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। ইতিমধ্যেই ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী স্বামী খগেশ্বৰ স্বৰ্গীয়াৰীক।

Exit mobile version