Site icon Guwahati Times

সুৰাসক্ত পত্নীৰ নির্যাতন সহিব নোৱাৰি কান্দোনত ভাঙি পৰিল স্বামী

ইবাৰ এগৰাকী পত্নীয়ে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰি আহত কৰিলে স্বামীক। পত্নীৰ নির্যাতনত হুকহুকাই কান্দিলে স্বামীয়ে। এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ ধলপুৰত। ধলপুৰ সৰু কাঠনি গাঁৱৰ হেমন্ত নেওঁগৰ সৈতে বিউটি গগৈয়ে দহ বছৰৰ পূৰ্বে প্রেমসূত্রে বিবাহ পাশত আৱদ্ধ হৈছিল। এটি সন্তানৰ মাতৃ বিউটিয়ে শাৰীৰিক আৰু মানসিক নির্যাতন চলায় আহিছে স্বামী হেমন্তৰ ওপৰত। যিকোনো সময়ত কেৱল ধন দাবী কৰে স্বামীক। ধন নিদিলেই মাৰপিট কৰে স্বামীক ।

মদৰ নিচাত মাতাল হৈ স্বামীৰ ওপৰত দাদাগিৰি কৰে এই গৰাকী মহিলাই। কেৱল একমাত্র সন্তানটোৰ মুখলৈ চাই সদায় ধৈৰ্য্য ধৰি আহিছে স্বামীয়ে। আইনৰ ভয় দেখুৱাই স্বামী হেমন্ত নেওঁগৰ ওপৰত মুঠতে অত্যাচাৰ চলায় পত্নী বিউটি গগৈয়ে।

মঙলবাৰে সন্ধিয়াও সামান্য কথাতে বিউটি গগৈয়ে নিজৰ স্বামীক পদুলি মুখতে আঁঠুকঢ়োৱাৰ লগতে গোটা বাঁহেৰে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে। স্বামী হেমন্ত নেওগক মূৰ, ভৰি, পিঠি আদিত বাঁহেৰে কোৱাই আঘাত কৰাৰ লগতে শৰীৰৰ বিভিন্ন অংগত কামুৰি মাংস চিঙি দিয়ে। ইয়াতে ক্ষান্ত নাথাকি বিউটিয়ে খৰৰ সা-সামগ্ৰী ভাঙি, চিঙি লণ্ড-ভণ্ড কৰি পেলায়।

সম্প্ৰতি গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈ চিকিৎসাধীন হৈ আছে হেমন্ত নেওঁগ। নেওগে ন্যায় বিচাৰি ইতিমধ্যে ধলপুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বহুতে দোষী মহিলাগৰাকীৰ শাস্তিৰ দাবী জনাইছে।

Exit mobile version