Site icon Guwahati Times

সুৰাৰ বটলত গামোচাৰ চিত্ৰ কিমান সঁচা?

অসমীয়া সমাজৰ গৌৰৱ, স্বাভিমান আৰু আৱেগ গামোছা । বৰজনাক সশ্ৰদ্ধাৰে আগবঢ়োৱা হয় গামোছা, প্ৰিয়জনৰ বাবে অন্তৰৰ সকলো আৱেগেৰে বোৱা হয় একোখন গামোছা । সেই গামোছা সন্দৰ্ভতেই ৰাজ্যত বিগত কেইটামান দিন ধৰি দেখা গৈছিল বহু বিতৰ্ক । বঙালী সাহিত্য সভাই গামোছাৰ সন্মান হানি কৰাৰ দৰে ঘটনা সংঘটিত হোৱাৰ পাছত বহু লোকে এই সন্দৰ্ভত আগবঢ়াইছিল নিজা নিজা প্ৰতিক্ৰিয়া । তাৰ পাছত সেই প্ৰতিক্ৰিয়াৰ বাবে আকৌ এক নতুন বিতৰ্ক ।

এই সকলো সাম নৌকাটোতেই আজি পুৱা কিছু সংবাদ মাধ্যমত দেখা গ’ল আন এক নতুন বিতৰ্ক । এটি প্ৰতিষ্ঠিত সুৰা কম্পেনীৰ বটলত দেখা গ’ল ৰঙা আৰু বগা ৰঙৰ কিছু লোকছবি । প্ৰথমাৱস্থাত খোল লৈ থকা যেন লগা এক চৰিত্ৰ দেখি সংবাদ মাধ্যম সমূহে এইয়া গামোছাত অসমৰ বৈষ্ণৱ ধৰ্মৰ ছবি বুলি অভিযোগ তুলিলে সুৰা কম্পেনীটোৰ বিৰুদ্ধে ।এই বাতৰি সুৰা কম্পেনীটোৰ সপক্ষে নহয় কিন্তু গামোছাক অযথা বিতৰ্কৰ মাজলৈ টানি আনি গামোছাৰ সৌষ্ঠৱ ম্লান কৰা ঘটনাও নিশ্চয়কৈ সমৰ্থন যোগ্য কাৰ্য নহয় ।

এই চিত্ৰ প্ৰকৃততে কৰ্নাটকৰ য়াক্সাগনাৰ হে । যি এক কানাড়‍া লোকগীতৰ পৰা অনা হৈছে আৰু ইয়াৰ অৰ্থ নাৰী সৱলীকৰণ আৰু সম অধিকাৰ । এতিয়া কেৱল ৰঙা-বগা ৰং দেখিলেই গামোছা বুলি ভাবি সকলো কথাকেই বিতৰ্কৰ মাজত টানি আনি গামোছাৰ সন্মান ম্লান হোৱাৰ বাহিৰে যে আন একো হোৱা নাই সেই কথা বুজি উঠা উচিত অসমৰ ৰাইজে । বঙালী সাহিত্য সভাই কৰা ভুলৰ পুনৰাবৃত্তি নহওক, আৰু তেনে পৰিস্থিতিৰ পুনৰ উদ্ভৱ হ’লে প্ৰতিজন অসমীয়াই মাত মাতক । কিন্তু প্ৰথমে গামোছ‍া সম্পৰ্কে নিশ্চিত হওক…

Exit mobile version