বৈদিক জ্যোতিষশাস্ত্ৰৰ গণনাত, এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত প্ৰতিটো গ্ৰহই নিজৰ অৱস্থান পৰিৱৰ্তন কৰে। জ্যোতিষশাস্ত্ৰীয় গণনা অনুসৰি, ২০২৪ চনৰ আৰম্ভণিতে সূৰ্য আৰু শনিৰ মিলন ঘটিব।
অৰ্থাৎ, ২০২৪ চনৰ আৰম্ভণিতে বিভিন্ন গ্ৰহণ তেওঁলোকৰ বন্ধুস্থানীয় আৰু শত্ৰুস্থানীয় গ্ৰহৰ সৈতে মিলিত হ’ব। ইয়াৰ প্ৰভাৱ ১২টা ৰাশিৰ ওপৰতে দেখা যাব। কিছু ৰাশিত ইয়াৰ ইতিবাচক প্ৰভাৱ দেখা যাব আৰু কিছু ৰাশিত নেতিবাচক প্ৰভাৱ দেখা যাব।
জ্যোতিষশাস্ত্ৰৰ হিচাপ অনুসৰি, এই দুটি গ্ৰহৰ মাজত শত্ৰুতাৰ ভাৱ আছে। এই কাৰণে জ্যোতিষশাস্ত্ৰত এই সংযোগৰ প্ৰভাৱক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধৰা হয়। অযোধ্যাৰ জ্যোতিষী পণ্ডিত কল্কি ৰামে কৈছে, ২০২৪ চনত শনি আৰু সূৰ্য একত্ৰিত হ’ব।
ইয়াৰ ফলত ৰাশিচক্ৰৰ সমস্ত ৰাশিকে প্ৰভাৱিত কৰিব। যিতেয়ি দুটা শত্ৰু গ্ৰহৰ সংমিশ্ৰণ ঘটে, তেতিয়া ইয়াৰ প্ৰভাৱ অত্যন্ত তাৎপৰ্যপূৰ্ণ দেখা যায়। সূৰ্য আৰু শনিৰ মিলন হোৱাৰ কাৰণে তিনিটা ৰাশিৰ জাতক-জাতিকা সমস্যাত পৰিব পাৰে।
কৰ্কট ৰাশি : শনি আৰু সূৰ্যৰ সংমিশ্ৰণ কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে খুবেই ক্ষতিকাৰক প্ৰমাণিত হ’ব পাৰে। বিবাহিত লোকসকলে বিভিন্ন ধৰণৰ মানসিক চাপৰ মাজেৰে পাৰ কৰিব লাগিব। কোনো নতুন কাম আৰম্ভ কৰাৰ পূৰ্বে সাৱধানে চিন্তা-ভাৱনা কৰি লোৱা উচিত।
মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাৰ এই মিলন বা দুই গ্ৰহৰ উপস্থিতিৰ কাৰণে অপ্ৰয়োজনীয় খৰচ বাঢ়িব পাৰে। পাৰস্পৰিক সম্পৰ্কত উত্তেজনা থাকিব পাৰে। ব্যৱসায়ীসকলৰ জীৱনত বহু ধৰণৰ সমস্যা দেখা দিব। জাতক-জাতিকাসকলৰ আৰ্থিক ক্ষতিৰ সন্মুখীন হ’ব পাৰে। ইয়াৰ উপৰি কাকো টকা ধাৰলৈ দিয়া উচিত নহ’ব।
কন্যা ৰাশি : শনি আৰু সূৰ্যৰ মিলনে কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে ক্ষতি প্ৰমাণিত হ’ব পাৰে। এই ৰাশিত ষষ্ঠ ঘৰত এই দুই গ্ৰহৰ উত্তৰণ ঘটিব। এই সময়ত আইনী ক্ষেত্ৰত ব্যৰ্থতাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। এই সময়ত স্বাস্থ্য সংক্ৰান্তীয় সমস্যা হ’ব পাৰে।

