Site icon Guwahati Times

স্কুলৰ পৰা ঘৰলৈ গৈ থকা পথতে নাবালিকাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ !

জোনালী হত্যাকাণ্ডৰ চাঞ্চল্যৰ মাজতে গোৱালপাৰাত সোমবাৰে দিনদুপৰতে সংঘটিত হৈছে আন এক জঘন্য ঘটনা । এইবাৰ চলন্ত গাড়ীৰ ভিতৰত‌ দিন দুপৰতে তিনি পাষণ্ডৰ কামনাৰ বলি হৈছে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী। সোমবাৰে বিয়লি দুই বজাৰ পৰিৱৰ্তে এক বজাত স্কুল ছুটি হোৱা পিছত ঘৰ লৈ খোজ কাঢ়ি ওভতাৰ পথতে চহৰৰ উপকণ্ঠ ফৰেষ্ট গে’টৰ এগৰাকী ১৬ বছৰীয়া ছাত্ৰীক তিনিজনীয়া দুৰ্বৃত্তৰ দলে দিনদুপৰতে এখন গাড়ীৰে অপহৰণ কৰি নিয়ে।

বিয়লি মুমূৰ্ষ অৱস্থাত ছাত্ৰীগৰাকীয়ে ফৰেষ্টগে’টৰ নিজ গৃহত উপস্থিত হোৱাৰ পিচতে সমগ্ৰ ঘটনা পোহৰলৈ আহে । ছাত্ৰীগৰাকীক সন্ধিয়া ততালিকে অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় । প্ৰাথমিক চিকিৎসাৰ অন্তত নিশা চাৰে ন মান বজাত ছাত্ৰীগৰাকী কিছু সুস্থ হৈ উঠিছে ।

ছাত্ৰীগৰাকীয়ে অভিভাৱকক জনোৱা মতে, একেটা অঞ্চলৰ আলিমুদ্দিন আৰু ফুনচান্দ নামৰ দুই যুৱকৰ সৈতে আন এগৰাকী অচিনাকী যুৱকে ছাত্ৰীগৰাকীক স্কুলৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত গাড়ী এখনেৰে মুখত সোপা দি বলপূৰ্বক উঠাই লৈ যায়। চলন্ত গাড়ীৰ ভিতৰতে ছাত্ৰীগৰাকীৰ‌ সৈতে তিনি পাষণ্ডই যৌন উৎপীড়ন চলাই অসৎ চৰিতাৰ্থ পূৰণ কৰে।

দুঘণ্টামানৰ উৎপীড়ন আৰু বলাৎকাৰৰ পিচত বিয়লি তিনিমান বজাত ছাত্ৰীগৰাকীক তিনি পাষণ্ডই বলপূৰ্বক নিচাজাতীয় দ্ৰৱ্য সেৱন কৰোৱাই ফৰেষ্টগে’টৰ কৱৰস্থানৰ কাষত পেলাই থৈ যায় বুলি ছাত্ৰীগৰাকীৰ ভাষ্যত প্ৰকাশ। ছাত্ৰীগৰাকীক পেলাই থৈ যোৱাৰ পিচত জ্ঞান আছিল‌ আৰু কোনোমতে ছাত্ৰীগৰাকী ঘৰ গৈ পায় ।

ঘৰ পোৱাৰ পিচতে ছাত্ৰীগৰাকী অজ্ঞান‌ হৈ পৰে । বলাৎকাৰৰ সময়ত ছাত্ৰীগৰাকীৰ ডিঙি চেপি ধৰা হৈছিল । ডিঙিত নখৰ স্পষ্ট চিন থকাও পৰিলক্ষিত হৈছে। অভিভাৱকে এই সন্দৰ্ভত নিশা গোৱালপাৰা সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ ভাষ্য গ্ৰহণ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Exit mobile version