মেষ ৰাশি: আজি আপোনাৰ বাবে এক শুভ দিন। অত্যধিক চিন্তাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত কিছু অসুবিধা হ’ব। লিখা-মেলা কামৰ বাবে দিনটো ভাল। কোনো মহিলাৰ লগত বিবাদত নপৰিব। পৰিয়ালৰ সৈতে ভাল সময় অতিবাহিত কৰিব পাৰিব।
বৃষ ৰাশি: আজি আপুনি মনটোক সুস্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব। সম্ভৱ হ’লে আজি ভ্ৰমণৰ পৰা বিৰত থাকিব। লেখক, শিল্পী আৰু পৰামৰ্শদাতাৰ বাবে দিনটো অতি অনুকূল হ’ব। আজি আপুনি কোনো নতুন কাম আৰম্ভ নকৰিব।
মিথুন ৰাশি: আজি আপোনাৰ বাবে সৌভাগ্যৰ দিন হ’ব। দিনটো আপুনি নিজৰ বাবে নতুন কাপোৰ আৰু গহণা ক্ৰয় কৰাত ব্যস্ত থাকি। অত্যধিক ধন যাতে ব্যয় নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব। আপুনি উপহাৰ লাভ কৰি সুখী হ’ব। নেতিবাচক চিন্তাবোৰ মনলৈ আহিব নিদিব, নহ’লে কামত সফল হোৱাটো কঠিন হৈ পৰিব।
কৰ্কট ৰাশি: আজি আপোনাৰ মনত কিছুমান নেতিবাচক চিন্তা থাকিব। পৰিয়ালৰ সদস্যৰ লগত মতভেদ হ’ব পাৰে। অত্যধিক ধন ব্যয়ৰ সম্ভাৱনা আছে। কথা কওতে নিয়ন্ত্ৰণ ৰাখিব। কাৰোবাৰ প্ৰতি যদি কোনো বেয়া মনোভাৱ আছে, তেন্তে আজিয়েই আঁতৰ কৰিব। মানহানি আৰু আৰ্থিক ক্ষতি হ’ব পাৰে।
সিংহ ৰাশি: আজি আপোনাৰ বাবে এটা লাভদায়ক দিন হ’ব। বন্ধু-বান্ধৱীৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে। কোনো মনোৰম ঠাইলৈ ভ্ৰমণলৈ যাব পাৰে। অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত স্থগিত ৰখা উচিত। ব্যৱসায়ত আৰ্থিক লাভৰ সুযোগ আছে।
কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ হ’ব। আপুনি নতুন কাম আৰম্ভ কৰিব পাৰিব। ব্যৱসায় আৰু চাকৰিত নিয়োজিত লোকৰ বাবে সময় অনুকূল। ব্যৱসায়ত লাভ আৰু চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে। পৰিয়ালত সুখৰ পৰিবেশ থাকিব।
তুলা ৰাশি: ব্যৱসায়িক ক্ষেত্ৰত লাভৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন পাব। দীঘলীয়া যাত্ৰা তথা কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ পৰিকল্পনা হ’ব পাৰে। আজি বৌদ্ধিক ক্ষেত্ৰত আপুনি সক্ৰিয় হৈ থাকিব। শৰীৰ অসুস্থ হ’ব পাৰে।
বৃশ্চিক ৰাশি: আজি শান্তি আৰু সাৱধানে দিনটো পাৰ কৰিব। নতুন কামত বিফল হোৱাৰ সম্ভাৱনা আছে, সেয়ে আজি কোনো নতুন কাম আৰম্ভ নকৰিব। আপোনাৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। ব্যয় বৃদ্ধিৰ বাবে আৰ্থিক সংকটৰো সৃষ্টি হ’ব পাৰে।
ধনু ৰাশি: আজিৰ দিনটো সুখ আৰু আনন্দৰে পাৰ হ’ব। নতুন বন্ধু লগ পাই সুখী হ’ব। বন্ধু-বান্ধৱীৰ সৈতে ভ্ৰমণৰ আয়োজন কৰিব পাৰে। ব্যৱসায়ত অংশীদাৰিত্বৰ দ্বাৰা লাভৱান হ’ব পাৰিব। পৰিয়ালত সুখৰ পৰিৱেশ থাকিব।
মকৰ ৰাশি: দিনটো আপোনাৰ ব্যৱসায়ৰ বাবে ভাল। ধনৰ লেনদেনৰ কাম সহজ হ’ব। ঘৰত শান্তি আৰু সুখৰ পৰিৱেশ থাকিব। গুৰুত্বপূৰ্ণ কামত ধন ব্যয় হ’ব পাৰে। আপোনাৰ চাকৰিত সহকৰ্মীসকলৰ পৰা সমৰ্থন পাব পাৰিব। আপোনাৰ স্বাস্থ্য ভাল হ’ব।
কুম্ভ ৰাশি: আজি কোনো নতুন কাম আৰম্ভ নকৰিব। আপুনি কথা কওতে সংযম ৰাখিব। ভ্ৰমণ কৰা পৰিহাৰ কৰিব। সন্তানৰ বিষয়ে চিন্তিত হ’ব লাগিব। আকস্মিক ধন ব্যয়ৰ সম্ভাৱনা আছে। পেটৰ লগত জড়িত সমস্যা হ’ব পাৰে। খৰখেদাকৈ কাম কৰা পৰিহাৰ কৰিব, অন্যথা আপুনি লোকচানৰ সন্মুখীন হ’ব পাৰে।
মীন ৰাশি: আজি পৰিয়ালৰ লোকৰ সৈতে তৰ্ক-বিতৰ্ক হ’ব পাৰে। মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। আপোনাৰ আৰ্থিক লোকচান হ’ব পাৰে। স্থায়ী সম্পত্তি, যান-বাহন আদিৰ কাম-কাজত সাৱধান হ’ব লাগিব।

