Site icon Guwahati Times

স্বপ্ন শাস্ত্ৰঃ সপোনত এই বস্তুটো দেখিলে বুজিব বেয়া দিন আঁতৰিল

সপোনবোৰে আমাক অতীত, বৰ্তমান আৰু ভৱিষ্যতে ঘটা ঘটনাবোৰৰ ইংগিত দিয়ে

। স্বপ্ন শাস্ত্ৰৰ মতে কিছুমান সপোনে আমাক অশুভ ঘটনাৰ ইংগিত দিয়ে, আনহাতে কিছুমান সপোনে শুভ পৰিঘটনাৰ ইংগিত দিয়ে ।

স্বপ্ন শাস্ত্ৰৰ মতে আমি কিছুমান সপোন দেখা পাওঁ যাৰ অৰ্থ হ’ল ভৱিষ্যত দিনত আমাৰ হাতলৈ টকা আহিব। গতিকে এনে সপোনৰ বিষয়ে জানো আহক যিয়ে আমাক টকা পোৱাৰ দিশত ইংগিত প্ৰদান কৰে। স্বপ্ন শাস্ত্ৰৰ মতে বাস্তৱ জীৱনত ছোৱালী এজনীক নাচি থকা দেখাটো আপোনাৰ মনোৰঞ্জনৰ এটা অংশ হ’ব পাৰে,কিন্তু সপোনত যদি কোনো মহিলা নাচি থকা দেখা পায়, তেন্তে তাৰ অৰ্থ হ’ল আগন্তুক দিনত আপুনি টকা লাভ কৰিব। এই সপোনটোৱেই হৈছে এটা শুভ সপোন।

স্বপ্ন শাস্ত্ৰৰ মতে যদি সপোনত ঈশ্বৰৰ ছবি দেখা পায় তেন্তে এই সপোন অতি শুভ বুলি গণ্য কৰা হয়। স্বপ্ন শাস্ত্ৰত এই সপোনৰ অৰ্থ হ’ল আপুনি অতি সোনকালে ঈশ্বৰৰ আশীৰ্বাদ পাব আৰু আপুনি অপৰিসীম ধন-সম্পত্তি লাভ কৰিবলৈ গৈ আছে ।

সপোনত গৰু দেখাটো বৰ শুভ। অৱশ্যে একে সময়তে গৰু এটাক বিভিন্ন ধৰণে দেখাৰ অৰ্থও বেলেগ বেলেগ হব পাৰে। সপোনত যদি এজনী গাইগৰুৱে গাখীৰ দি থকা দেখা পায় তেন্তে ভৱিষ্যতে ধন-সম্পত্তি আৰু সুখ পোৱাৰ ইংগিত দিয়ে।

আনহাতে যদি আপুনি এনে ধৰণৰ সপোনবোৰৰ কোনো এটা সপোন দেখে, তেন্তে সেইটো গোপন কৰি ৰাখক আৰু কোনো ঘনিষ্ঠ ব্যক্তিৰ লগত শ্বেয়াৰ নকৰিব। উল্লেখ নকৰিব কাৰণ বিশ্বাস কৰা হয় যে এই সপোনবোৰ গোপনীয় হৈ থাকিলেহে আমি ইয়াৰ ফলাফল পাম ।

(Disclaimer:: ইয়াত প্ৰদান কৰা তথ্য সাধাৰণ বিশ্বাস আৰু তথ্যৰ ওপৰত আধাৰিত। ইয়াক বিশ্বাস কৰা/নকৰা আপোনাৰ একান্ত ব্যক্তিগত। Guwahati Times য়ে এই তথ্য আপোনাৰ জীৱনত প্ৰযোগ কৰিবলৈ কেতিয়াও বাধ্য নকৰে।)

Exit mobile version