Site icon Guwahati Times

স্বামীক বজাৰৰ দীঘলীয়া তালিকা দি ‘লাডেন’ৰ সৈতে পলাই গ’ল পত্নী

স্বামী গৃহৰ পদূলিৰ পৰাই চিনেমাৰ ষ্টাইলত বোৱাৰীক পলুৱাই নিলে এজন যুৱকে। বিয়াৰ মাত্ৰ ৭মাহ পাছতে থানবান হৈ পৰিল এখন সুখৰ সংসাৰ। স্বামীক বজাৰৰ দীঘলী তালিকা দি ব্যস্ত কৰাই ৰাখি আন এজন যুৱকৰ সৈতে পলাই গ’ল পত্নী। বজাৰৰ পৰা ঘূৰি আহি পদূলিত গাড়ীৰ হৰ্ণ বজালে স্বামীয়ে। কিন্তু পত্নীক স্বামীয়ে বিচাৰি নাপালে দুনাই। ভাঙি থৈ গ’ল ম’বাইল ফোনটোও।

হাজোৰ দামপুৰত সংঘটিত হৈছে এক ঘটনাটো। দামপুৰৰ মোল্লাচুবাৰ মন্টু আলীৰ সৈতে সাত মাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল একেটা চুবুৰীৰ যুৱতীগৰাকী। ইয়াৰ বাবেও মণ্টুৱে কৰিবলগীয়া হৈছিল বহু কষ্ট। ৩বাৰকৈ যুৱতীগৰাকীক পলুৱাই আনি পৰিয়ালৰ ৰোষত পৰা মণ্টুৱে অৱশেষত নিকাহ কৰিবলগীয়া হৈছিল যুৱতীগৰাকীক। যুৱতীগৰাকীৰ সৈতে ৩বছৰ প্ৰেমৰ অন্তত বিবাহপাশত আৱদ্ধ হৈছিল মণ্টু।

সকলো ঠিকেই চলি আছিল। তেনে সময়তে বিবাহৰ সাত মাহ পিছত ঘটি গ’ল এই অঘটন। স্বামী মন্টু আলী কৰ্মস্থলীলৈ যোৱাৰ সময়তে হঠাতে ঘৰৰ পৰা নিৰুদ্দেশ হ’ল পত্নী। ইয়াৰ বাবে  ঘণ্টাৰ পাছত ঘণ্টা ধৰি ম’বাইলত ৰীল বনোৱাত ব্যস্ত থকা মহিলাগৰাকীয়ে ৰচনা কৰিলে এক বিশেষ কৌশল। ফোনতে মহিলাগৰাকীয়ে দীঘলীয়াকৈ দি গ’ল বজাৰৰ তালিকা। বজাৰ কৰিবলৈ সন্মত হ’ল স্বামী মণ্টু। কিন্তু মণ্টুৱে বজাৰ কৰি থাঁকোতেই যুৱকৰ সৈতে পলাই গ’ল পত্নী।

অন্য যুৱকৰ সৈতে ৱোবাৰীগৰাকী গ’লটো গ’লেই, লগত নিলে বাচন-বৰ্তনকে ধৰি মণ্টু আলীয়ে জমা কৰি থোৱা নগদ ৩০ হাজাৰ টকা। পত্নী নোহোৱা হোৱাৰ পিছতে মন্টুৰ ঘৰত এতিয়া হাহাকাৰময় পৰিৱেশ। স্বামী মন্টুৰ লগতে পৰিয়ালৰ লোকৰ অভিযোগ, ওচৰ চুবুৰীয়া লাডেন নামৰ এজন যুৱকৰ সৈতে পলাই গৈছে মহিলাগৰাকী।

কেৱল এয়াই নহয়, সুযোগ বুজি স্বামীয়ে ঘৰৰ মাটি ক্ৰয় কৰিবলৈ থৈ দিয়া প্ৰায় ৩০ হাজাৰ টকাৰ লগতে কাপোৰ আৰু বাচন–বৰ্তনো প্ৰেমিকৰ বাহনত উঠাই লৈ গ’ল ন-বোৱাৰীগৰাকীয়ে। এই ঘটনাই এতিয়া অঞ্চলজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ। ইফালে হেৰোৱা পত্নীক উদ্ধাৰৰ বাবে সহায় বিচাৰি হাজো আৰক্ষীৰ কাষ চাপিছে দুৰ্ভগীয়া স্বামী মণ্টু আলী। হাজো আৰক্ষী থানাত দাখিল কৰিছে এখন এজাহাৰ।

Exit mobile version