Site icon Guwahati Times

স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি মহিলাৰ বিহপান কৰি আত্মহনণ

স্বামীৰ অকথ্য নিৰ্যাতন সহ্য কৰিব নোৱাৰি এগৰাকী মহিলাই বিহপান কৰি আত্মহনণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বিহপাৰাত ৷

প্ৰাপ্ত খবৰ অনুসৰি চাৰি সন্তানৰ মাতৃ এগৰাকীক স্বামী মহিদুল ইছলামে দীৰ্ঘদিন ধৰি চলাই আহিছিল মানসিক আৰু শাৰিৰীক নিৰ্যাতন ৷অভিযোগ উঠা মতে যৌতুক বিচাৰিয়ে প্ৰায়ে অকথ্য নিৰ্যাতন চলাইছিল ৷স্বামীৰ ধাৰাবাহিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি মহিলা গৰাকীয়ে বিহপান কৰি আত্মহত্যা কৰে ৷

দুৰ্ভগীয়া মহিলা গৰাকীৰ নাম জয়নফা খাতুন(২২) ৷বিহপান কৰাৰ পাছতে গুৰুত্বৰভাৱে অসুস্থ হৈ পৰা মহিলা গৰাকীক জি এম চি এইছলৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে ৷

উল্লেখ্য যে,স্থানীয় লোকে সদৰি কৰা মতে মৃত মহিলা গৰাকীৰ স্বামী মহিদুলে প্ৰায়ে সুৰাপান কৰি পত্নীক দৈনিক মাৰধৰ কৰাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছিল ৷ প্ৰায়েই যৌতুক বিচাৰি মাৰধৰ কৰিছিল মহিদুলে ৷ ইতিমধ্যে আৰক্ষীয়ে মহিলা গৰাকীৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰি আৰম্ভ কৰিছে তদন্ত৷

Exit mobile version