Site icon Guwahati Times

স্মার্ট লোকৰ ৫ টি বৈশিষ্ট্য জানিলে আচৰিত হ’ব আপুনি …

স্মাৰ্ট মানুহ মানে অকল IQ বেছি হোৱা বা স্মৃতি শক্তি প্ৰখৰ হোৱাই নহয় ; এজন মানুহৰ real life ত smartness হৈছে তেনে এক সমৰ্থ যাৰ দ্বাৰা এজন মানুহে সঠিক ভাবে নিজৰ মনটোক সঠিক ব্যৱহাৰ কৰি কিবা ভাল কাম কৰিব পাৰে, নিজৰ আৰু নিজৰ চাৰিওফালে থকা মানুহৰ জীৱনলৈ কিছু ধনাত্মক পৰিবৰ্তন আনিব পাৰে।Why does a lots of trouble come to the life of human being ?

এনে এজন স্মাৰ্ট মানুহৰ প্ৰথম বৈশিষ্ট্য হৈছে অযথা কাৰো সৈতে সম্পৰ্ক ৰক্ষা নকৰা। অৰ্থাৎ এজন স্মাৰ্ট ব্যক্তিয়ে সকলো সময়তে আনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা, অদৰকাৰী কথা বতৰাত মজগুল হোৱা , আনৰ বিষয়ত অদৰকাৰী মন্তব্য প্ৰকাশ কৰা আদিৰ পৰা নিজকে বিৰত ৰাখে কাৰণ এইসমূহ হৈছে সাধাৰণ লোকৰ কাম ; যিজন স্মাৰ্ট তেওঁ এইবোৰ নিজৰ মগজুত নলয় , আনৰ জীৱনত কি হৈছে কি হোৱা নাই সেইবোৰে এজন স্মাৰ্ট মানুহক ঢুকি নাপায়। এজন স্মাৰ্ট লোক নিজৰ জীৱনক লৈ ইমানেই সুখী হৈ থাকে যে তেওঁৰ বাবে আনৰ কথা ভাবিবলৈ বা অইনৰ কথা চিন্তা কৰিবলৈ আহৰি নাথাকে ; তেওঁৰ নিজৰ মনোযোগ কোনো প্ৰকাৰে অইন কথাত ব্যাঘাত নকৰে , লগতে নিজৰ ফকাছ সদায় নিজৰ আনন্দ আৰু সুখতে সীমাবদ্ধ ৰাখে। আৰু আমিও এই কথাটো অৱলম্বন কৰি নিজৰ মানসিক শান্তি বঢ়াই তোলাৰ লগতে অদৰকাৰী লোকৰ সান্নিধ্যৰ পৰা দূৰৈত থাকি গুণগত আৰু মান বিশিষ্ট লোকৰ সান্নিধ্যলৈ আহিব পাৰো।.

স্মাৰ্ট মানুহৰ দ্বিতীয় বৈশিষ্ট হৈছে যে তেওঁলোকে নিজৰ শিক্ষাৰ নিয়ন্ত্ৰণ নিজৰ হাতত ৰাখিব বিচাৰে । স্মাৰ্ট লোক সকলে অকল সাধাৰণ শিক্ষাৰ ওপৰতে গুৰুত্ব আৰোপ নকৰে তেওঁলোকে সাধাৰণ শিক্ষা গ্ৰহণ কৰাৰ উপৰিও সদায়ে নিজৰ ৰুচি অনুসৰি নতুন নতুন জ্ঞান আহৰণত ব্যস্ত হৈ থাকে। আনহাতে বেছিভাগ সৰ্বসাধাৰণ লোকৰ শিক্ষা কলেজ আৰু ইউনিভাৰ্চিটিৰ পিছতে পৰিসমাপ্তি হয় ; কিন্তু স্মাৰ্ট লোকৰ শিক্ষা গ্ৰহণ কোনোদিনে শেষ নহয়, তেওঁলোকে গোটেই জীৱন পঢ়াশুনাত ব্যস্ত থকা পৰিলক্ষিত হয়, নিজৰ বাবে যি জ্ঞানৰ প্ৰয়োজন বোধ কৰে সেই জ্ঞান আহৰণ কৰিবৰ বাবে স্মাৰ্ট লোকে নিজৰ সময়, শক্তি আৰু ধৈৰ্য্য অক্ষুন্ন ৰাখে সদায়, আনকি জ্ঞান আহৰণৰ বাবে অৰ্থব্যয় কৰিবলৈকে কুণ্ঠাবোধ নকৰে।

স্মাৰ্ট লোকসকলৰ তৃতীয় বৈশিষ্ট্য হৈছে যে তেওঁলোকে সদায় নিজকে নিয়ন্ত্ৰণত ৰাখিব জানে। স্মাৰ্ট লোকসকলে এটি কথা ভালকৈয়ে জানে যে জীৱনত যদি কিবা মূল্যবান বস্তু অর্জন কৰিবলৈ হয় তেন্তে তেওঁক নিয়মানুৱৰ্তীতাৰ প্ৰয়োজন হয় ; যি লোকে আবেগৰ বশৱৰ্তী হৈ নিজৰ উদ্দেশ্য পাহৰি পেলাই, নিজৰ লক্ষ্য হেৰুৱাই পেলায় তেওঁলোকে জীৱনত একো কৰিব নোৱাৰে, কাৰণ নিয়মানুৱৰ্তীতা এক ৰাতিৰ ভিতৰত গঢ় লৈ উঠা বস্তু নহয়, বৰং ইয়াক গঢ় দিবলৈ সময় আৰু পৰিশ্ৰমৰ খুব প্ৰয়োজন । স্মাৰ্ট লোকসকলে জানে যে নিজৰ জীৱনত কিবা নহয় কিবা ভাল লক্ষ্যত উপনীত হ’ব লাগিব আৰু তাৰ বাবে কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হয় ; সেই বাবে তেওঁলোকে মাজ পথত ভাগৰি পৰিলেও বহি নপৰে – ভাঙি নপৰে আৰু তেওঁলোকে এটি জেদ প্ৰস্তুত কৰি লয় মনত যাক কোৱা হয় ” never give up attitude ” , যিয়ে তেওঁলোকক সাফল্যৰ শিখৰলৈ লৈ যায়।.

স্মাৰ্ট লোকসকলৰ চতুৰ্থ বৈশিষ্ট্য হৈছে তেওঁলোকে পৰিশ্ৰম কৰিব জানে আৰু পৰিশ্ৰমৰ মূল্য বুজে আৰু লগতে স্ফূৰ্তি কৰিবলৈকেও কুণ্ঠাবোধ নকৰে। যি লোকে কঠোৰ পৰিশ্ৰম কৰে তেওঁ সফল হ’বই আৰু যিসকল লোকে হাত সাৱটি বহি থাকে তেওঁ জীৱনৰ পৰা একো বিচাৰিব নোৱাৰে। হাত সাবটি বহি থকাতকৈ প্ৰথমে পৰিশ্ৰম কৰা অনেক ভাল কিয়নো পৰিশ্ৰমৰ ফলত সফলতা পোৱাৰ পিছত হাত সাৱটি বহি থাকিলেও হাতৰ পৰা সফলতা ওলাই নাযায় । আৰু সেই কথা স্মাৰ্ট লোকে ভালকৈয়ে বুজি পায়।.

Exit mobile version