Site icon Guwahati Times

সৰুসজাইত জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা আৰম্ভ

◼️সৰুসজাইত জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা আৰম্ভ
◼️ৰাজ্যৰ ৫৫০গৰাকী এথলীটৰ অংশগ্ৰহন

গুৱাহাটী ৩০ মাৰ্চ ২০২৩:- অসম এথলেটিকছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হল ৰাজ্যিক পৰ্যায়ৰ ৪৪ সংখ্যক জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ। ৰাজ্যৰ জিলাসমূহৰ জুনিয়ৰ পৰ্যায়ৰ ১৪,১৬,১৮ আৰু ২০বছৰ বয়সৰ লৰা-ছোৱালী উভয়ৰে মাজত অনুষ্ঠিত প্ৰতিযোগিতাখনত ৫৫০গৰাকী এথলীটে অংশগ্ৰহন কৰিছে।

২০বছৰ অনুৰ্ধ্ব ল’ৰাৰ ৫০০০মিটাৰ দৌৰেৰে আৰম্ভ হোৱা দুদিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যান পৰিষদৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে। প্ৰথম দিনটোৰ ভিন্ন ইভেন্টৰ বিজয়ী প্ৰতিযোগীসকলক উদ্বোধনী অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলে পদকসমূহ প্ৰদান কৰে। উদ্বোধক গীতাৰ্থ গোস্বামীৰ লগতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম এথলেটিকচ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ,অসম এথলেটিকচ সন্থাৰ সম্পাদক অশোক ভড়ালী আৰু বিশিষ্ট শিক্ষাবিদ ড° ভবেন্দ্ৰনাথ মহনৰ লগতে বহু গন্য মান্য ব্যক্তি।

Exit mobile version