Site icon Guwahati Times

সৰ্বভাৰতীয় নেট পৰীক্ষাত উজ্বলিল মঙলদৈ নগৰবাহীৰ পাহি আৰা বেগম

দৰং জিলাৰ মঙলদৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত নগৰবাহীৰ কানাইচুবা গাঁৱৰ অতি পিচপৰা হেদায়েৎপুৰ চুবুৰিৰ নৌচাদ আলি আৰু মকছিদা বেগমৰ একমাত্ৰ কন্যা , তীক্ষ্ণ মেধা সম্পন্ন ছাত্ৰী পাহি আৰা বেগমে যোৱা বৰ্ষত শ্বিলঙৰ নেহু ‌(NEHU) ৰ পৰা ভূগোল বিষয়ত সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি সদ্য ঘোষিত সৰ্বভাৰতীয় ইউ জি চিৰ নেট (NET) পৰীক্ষাত ৯৩.৬৪ শতাংশ( ট্টাইল) নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ লগতে এনে সাফল্যৰ বাবে তেওঁ পি এইছ ডি পাঠ্যক্ৰমত নামভৰ্তিৰ বাবেও যোগ্যতা অৰ্জন কৰে। ক্ষুদ্ৰ ব্যৱসায়ী তথা সাধাৰণ চাহ দোকানী নৌছাদ আলিৰ প্ৰতিভাৱান ছাত্ৰী গৰাকীয়ে কঠোৰ শ্ৰম আৰু অধ্যৱসায়ৰ বলত অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।সৰুৰে পৰাই পাহি আৰা বেগমৰ পঢ়াৰ প্ৰতি আছিল অপৰিসীম ধাউতি ।সেই সূত্ৰে ২০১৭ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ পাবলৈ সক্ষম হোৱাৰ পিছত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাতো ডিষ্টিংচন সহ অমসীয়া বিষয়ত ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ।সম্প্ৰতি ৰাজঘাটৰ নন্দন কানন বিদ্যালয়ৰ অবৈতনিক শিক্ষক হিচাপে সেৱা আগবঢ়াই থকা এই গৰাকী অমায়িক ,মেধা সম্পন্ন ছাত্রীৰ এনে সাফল্যত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা তথা বিশিষ্ট সাহিত্যিক -সাংবাদিক ড০ চহিৰ ভূঞা, দৰং গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদ,সাংবাদিক সংগঠন আপকুৰ দৰং জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদ,নগৰবাহী সাহিত্য সভা ,নগৰবাহী ছাত্ৰ সন্থা, সাংস্কৃতিক সুৰক্ষা ন্যাসৰ প্ৰত্যয়কে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তি আৰু অনুষ্ঠান প্ৰতিষ্ঠানে অভিনন্দন জ্ঞাপন কৰিছে ‌।

Exit mobile version