Site icon Guwahati Times

হাফ পেন্ট, ফটা জিনছ, স্কাৰ্ট, স্লিভলেছ আদি যুৱতীয়ে পৰিধান কৰি প্ৰৱেশ কৰিব নোৱাৰিব জগন্নাথ মন্দিৰত

হাফ পেন্ট, ফটা জিনছ, স্কাৰ্ট, স্লিভলেছ আদি যুৱতীয়ে পৰিধান কৰি প্ৰৱেশ কৰিব নোৱাৰিব জগন্নাথ মন্দিৰত

উৰিষ্যাৰ জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ এতিয়াৰে পৰা ভক্ত সকলে মানি চলিব লাগিব বিভিন্ন নীতি নিয়ম। মন্দিৰ প্ৰশাসনে ৯ অক্টোবৰত এক নিৰ্দেশনা জাৰি কৰে। যত কোৱা হয় যে মন্দিৰ দৰ্শন কৰাৰ সময়ত ভক্ত সকলে পোছাকক লৈ নিয়ম মানি চলিব লাগিব। পোছাক সংহিতা ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকাৰী হ’ব।

নিয়ম অনুসৰি- হাফ পেন্ট, ফটা জিনছ, স্কাৰ্ট, স্লিভলেছ আদি যুৱতীয়ে পৰিধান কৰি মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰিব।

মন্দিৰ কৰ্তৃপক্ষই জনাই যে, কিছুমান লোক হাফ পেণ্ট আৰু স্লিভলেচ কাপোৰ পিন্ধি আহে। যেন কোনো ঠাইত মনোৰঞ্জনৰ বাবে গৈছে। ঈশ্বৰ মন্দিৰত বাস কৰে। এইটো মনোৰঞ্জনৰ ঠাই নহয়। ই আন লোকৰ ধৰ্মীয় অনুভূতিক আঘাত কৰে।

জগন্নাথ মন্দিৰ ব্যৱস্থাপনা প্ৰধানে কয় যে মন্দিৰৰ মৰ্যাদা আৰু পৱিত্ৰতা বজাই ৰখাটো আমাৰ দায়িত্ব। সেয়েহে পোছাক সংহিতা ১জানুৱাৰী ২০২৪ ৰ পৰা কঠোৰভাৱে অনুসৰণ কৰা হ’ব। মন্দিৰৰ দ্বাৰা নিয়োজিত লোকসকলে ইয়াৰ ওপৰত লক্ষ্য ৰাখিব।

Exit mobile version