Site icon Guwahati Times

হিমাচলত ভয়ংকৰ ভূমিস্খলন, নিহত ৭১, সন্ধানহীন ২১ জন লোক

হিমাচলত ভূমিস্খলনৰ ভয়ংকৰ পৰিস্থিতি। চকুৰ সন্মুখত খহি পৰিল কেইবাটাও অট্টালিকা। হিমাচল প্ৰদেশৰ মাণ্ডি জিলাৰ দৃশ্য।

 

https://twitter.com/i/status/1691803700874936366

 

হিমাচল প্ৰদেশৰ কৃষ্ণ নগৰৰ ভূমিস্খলনৰ ভয়ংকৰ দৃশ্য। তাচপাতৰ দৰে খহি পৰিছে অট্টালিকাসমূহ।

 

https://twitter.com/i/status/1691779130948280401

 

হিমাচল প্ৰদেশত অব্যাহত আছে ভূমিস্খলনৰ উদ্ধাৰ অভিযান। বিশেষকৈ ৰাজ্যখনৰ চিমলাত উদ্ধাৰ অভিযান এই পৰ্যন্ত চলি আছে।

 

https://twitter.com/i/status/1692028079613301150

 

প্ৰাকৃতিক দুৰ্যোগে জুৰুলা কৰা ৰাজ্যখনত ৭১ জন লোকৰ মৃত্যু হৈছে। ‍বিগত তিনি দিনত হিমাচল প্ৰদেশত হোৱা ভূমিস্খলন আৰু আকস্মিক বানপানীৰ ফলত ২১ জন ব্যক্তি সন্ধানহীন। বৰ্তমানেও প্ৰশাসন তথা SDRF, NDRF বাহিনীয়ে সন্ধানহীন লোকৰ উদ্ধাৰ অভিযান চলাই আছে। IAFৰ হেলিকপ্টাৰেৰে চলি আছে উদ্ধাৰ অভিযান।

 

https://twitter.com/i/status/1691721143101587732

 

NDRFৰ পৰিদৰ্শক নাছিফ খানে মন্তব্য ৪ দিনৰ পৰা উদ্ধাৰ আৰু অনুসন্ধান অভিযান চলি আছে। ভাৰতীয় সেনা, SDRF আৰু আৰক্ষীও উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। সন্ধানহীন হোৱা ২১ জন লোকৰ ভিতৰত এতিয়ালৈকে ১৩ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

 

https://twitter.com/i/status/1692018192401760723

Exit mobile version