Site icon Guwahati Times

হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন, শিৱ মন্দিৰৰ ওপৰত খহি পৰিল পাহাৰৰ মাটি, ৯জনৰ মৃত্যু

হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাত ভয়ংকৰ ভূমিস্খলন। সোমবাৰে পুৱা ৭ বজাত মূষলধাৰ বৰষুণৰ ফলত ভূমিস্খলনৰ কবলত পৰে এটা শিৱ মন্দিৰ। এই ঘটনাত ২৫জনৰো অধিক লোক ধ্বংসস্তুপৰ মাজত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছঠে। এতিয়ালৈ দুটি শিশুসহ চাৰিজন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। বাকী লোকসকলৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত আছে। এই মন্দিৰটো শিমলাৰ উপনগৰ বালুগঞ্জত সমৰহিলত অৱস্থিত শাওণৰ সোমবাৰ হোৱা বাবে মন্দিৰত ভিৰ হৈছিল বহু লোকৰ।
বৰষুণৰ বাবে উদ্ধাৰ অভিযানত ব্যাঘাত জন্মিছে বুলি জানিব পৰা গৈছে। পাহাৰৰ পৰা এতিয়াও শিল বাগৰি আছে। মন্দিৰৰ ওপৰত শিল–মাটিৰ লগতে চাৰি–পাঁচজোপা গছ বাগৰি পৰে। NDRFৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

Exit mobile version