Site icon Guwahati Times

হেমকোষৰ ব্ৰেইল সংস্কৰণে লাভ কৰিলে গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি…

‘সাদিন প্ৰতিদিন গোষ্ঠী’ক ইমেইলৰ জৰিয়তে এই খবৰ দিলে গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰ্তৃপক্ষই। উল্লেখ্য যে হেমকোষৰ ব্ৰেইল সংস্কৰণত হৈছে দ্বিভাষিক ব্ৰেইল অভিধান। ২০২২ চনত তদানীন্তন ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে উন্মোচন কৰিছিল এই দ্বিভাষিক ব্ৰেইল অভিধানখন।

এই অভিধানখনকেই গীনিজ বুকে বিশ্বৰ ভিতৰতে সৰ্ব বৃহৎ দ্বিভাষিক ব্ৰেইল অভিধান হিচাপে স্বীকৃতি প্ৰদান কৰিছে। এই অভিধানখনত আছে মুঠ ২১ টা খণ্ড, ৬ টা উপ-খণ্ড। ইয়াত আছে ৯০ হাজাৰ ৪৬০ টা শব্দ।

এই অভিধানখনেই দক্ষিণ পূৱ এছিয়াৰ প্ৰথমখন পূৰ্ণাংগ ব্ৰেইলী অভিধান। অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা ‘সাদিন প্ৰতিদিন গোষ্ঠী’ৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাৰ প্ৰচেষ্টাত হেমকোষৰ এই ব্ৰেইল সংস্কৰণ প্ৰকাশ কৰি উলিওৱা হৈছে।

ইতিমধ্যে ৰাজ্যৰ দৃষ্টিহীন শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে গুৱাহাটী বিশ্ব বিদ্যালয়কে ধৰি বহু শিক্ষানুষ্ঠানলৈ হেমকোষৰ এই ব্ৰেইল সংস্কৰণ বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে। ইয়াৰোপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী হাততো এই ব্ৰেইল অভিধানখন অৰ্পন কৰা হৈছে

Exit mobile version