Site icon Guwahati Times

১০ হাজাৰ টকাৰ বিনিময়ত পিতৃয়ে বিক্ৰী কৰিলে কনমানিক

ৰাজ্যত বৃদ্ধি পাইছে মানৱ সৰবৰাহৰ ঘটনা। চিৰাঙৰ পাছত এইবাৰ শিশু বিক্ৰীৰ ঘটনা পোহৰলৈ আহিছে কাৰ্বি আংলঙৰ পৰা।

পশ্চিম কাৰ্বি আংলঙৰ দয়াংমুখত সংঘটিত হৈছে শিশু বিক্রীৰ ঘটনা। দয়াংমুখৰ ৰাধানগৰ গাঁৱত ২ বছৰীয়া কন্যা সন্তানক বিক্রী কৰিছে পৰিয়ালৰ লোকে।

অভিযোগ অনুসৰি ১০ হাজাৰ টকাত শিশুটিক বিক্রী কৰিছে পাষাণ পিতৃ দিলীপ বিশ্বাসে। দ্বিতীয়টো ৪ মহীয়া সন্তানকো ৫০ হাজাৰ টকাত বিক্রীৰ চেষ্টা দিলীপৰ।

তাৰপাছতে ঘটনা সন্দৰ্ভত শিশুটিৰ মাতৃয়ে স্বামীৰ বিৰুদ্ধে অভিযোগ দিয়াত পোহৰলৈ আহে সকলো । ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল দিলীপৰ পত্নীৰ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Exit mobile version