Site icon Guwahati Times

১৫০০ টকাৰ বাবে মহিলাক উলংগ কৰি প্ৰহাৰ, খুৱালে প্ৰস্ৰাৱ!

ধাৰে দিয়া টকা ঘূৰাই বিচাৰি মানুহে বহু কিবাকিবিয়ে কৰে, পিছে এই দুটা নিধক পিতা-পুত্ৰই এগৰাকী মহিলাক যেনেদৰে নিৰ্যাতন চলালে সেয়াই যেন সকলোকে চেৰ পেলালে। ঘটনাটো বিহাৰৰ। পাটনাৰ খুছৰুপুৰ নামৰ এখন প্ৰত্যন্ত গাঁৱৰ ঘটনা। গাঁওখনৰ এটা অঞ্চলত কেই ঘৰমান মহাদলিত লোকে বাস কৰে। এইসকল মহাদলিত লোকৰ ওপৰত বৰমতা দেখুৱাই প্ৰমোদ সিং নামৰ এজন লোকে।

মূলত প্ৰমোদ সিঙে মহাদলিত লোকসকলক প্ৰয়োজনত সুদত টকা ধাৰে দিয়ে। অশিক্ষিত মহাদলিত লোকসকলে তেনেদৰেই প্ৰমোদ সিঙৰ কৃপাধন্য হৈ থাকে। তেনেকৈয়ে মহাদলিত এগৰাকী মহিলাই কিছুদিনৰ পূৰ্বে প্ৰমোদ সিঙৰ পৰা ১৫০০ টকা ধাৰে লৈছিল। মহিলাগৰাকীৰ মতে প্ৰমোদ সিঙৰ পৰা লোৱা ১৫০০ টকা সুদে মূলে ঘূৰাই দিয়া হৈছে। প্ৰমোদ সিঙৰ মতে টকা ঘুৰাই দিবলৈ এতিয়াও বাকী আছে। শনিবাৰে প্ৰমোদ সিঙে মহাদলিত মহিলাগৰাকীক ধাৰে দিয়া পোন্ধৰশ টকা বিচাৰি যায়। মহিলাগৰীয়ে টকা ঘূৰাই দিয়া বুলি কোৱাৰ লগে লগে প্ৰমোদ সিঙে মহিলাগৰাকীক উৰাই ঘূৰাই প্ৰহাৰ কৰে। প্ৰহাৰ কৰাৰ মাজতে কাপোৰ ফালি মহিলাগৰাকীক উলংগ কৰে। শীঘ্ৰে টকা ঘুৰাই নিদিলে মহিলাগৰাকীক উলংগ কৰি গোটেই গাঁও ঘূৰোৱাৰো ভাবুকি দিয়ে প্ৰমোদ সিঙে।

সেইদিনা নিশাই মহাদলিত মহিলাগৰাকীৰ বাবে বাট চাই আছিল তাতকৈও ভয়াৱহ অনাকাংক্ষিত পৰিস্থিতিয়ে। নিশা প্ৰমোদ সিঙৰ পুত্ৰ অংশুয়ে চাৰিটা বন্ধুৰ সৈতে আহি মহিলাগৰাকীক কৰায়ত্ত কৰে। ভাবুকি দি কয় যে মহিলাগৰাকীৰ স্বামীক পিতৃ প্ৰমোদ সিঙে সিহঁতৰ ঘৰত বান্ধি থৈছে, যদি তাই সিহঁতৰ সৈতে নাযায়, তেন্তে তাইৰ স্বামীক মাৰি পেলোৱা হ’ব। স্বামীক হত্যাৰ ভাবুকিৰে মহাদলিত মহিলাগৰাকীক অংশুৱে ঘৰলৈ লৈ যায় আৰু একেদিনাই মহাদলিত মহিলাগৰাকীৰ ওপৰত দ্বিতীয়বাৰৰ বাবে চলে চূড়ান্ত নিৰ্যাতন।

পিতা-পুত্ৰই মহাদলিত মহিলাগৰাকীক পুনৰ উলংগ কৰি উপৰ্যুপৰি প্ৰহাৰ কৰে। কেৱল সেয়াই নহয়, পিতৃৰ নিৰ্দেশত অংশুৱে মহিলাগৰাকীৰ মুখতে প্ৰস্ৰাৱ কৰে। মহিলাগৰাকীয়ে ঘটনাৰ সবিশেষ জনাই আৰক্ষীক গোচৰ তৰিছে যদিও, এতিয়ালৈ এটা অভিযুক্তকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই। অৱশ্য়ে গাঁওখনত আৰক্ষীয়ে পহৰাৰ ব্যৱস্থা কৰিছে কিন্তু ধাৰ দিয়া টকা ঘূৰাই বিচৰাৰ নামত বিহাৰৰ এইগৰাকী মহিলাক চলোৱা নিৰ্যাতনৰ ঘটনাই সকলোৱে চকু কপালত তুলিছে।

Exit mobile version