পহিলা অক্টোবৰৰ পৰা বুধ কন্যা ৰাশিত প্ৰৱেশ কৰিব। সূৰ্য আৰু মংগল আগৰে পৰা এই ৰাশিত অৱস্থান কৰি আছে। ফলত অক্টোবৰৰ প্ৰথম দিনা কন্যা ৰাশিত গঠিত হ’ব ত্ৰিগ্ৰহী যোগ। এই ত্ৰিগ্ৰহী যোগৰ ফলত ৩ ৰাশিৰ জীৱন সলনি হ’ব। টকা–যশ–প্ৰতিপত্তি একোৰে অভাৱ নাথাকিব! জানো আহক কোন এই সৌভাগ্যৱানসকল।
মিথুন ৰাশি : খুব ভাল সময়! যিসকলে চাকৰি বিচাৰি আছে, তেওঁলোকে এই সময়ত ভাল সুযোগ লাভ কৰিব। আয়ৰ একাধিক উৎস মুকলি হ’ব, প্ৰচূৰ টকা আহিব হাতলৈ। পাৰিবাৰিক সম্পৰ্ক ভাল হ’ব। দাম্পত্য জীৱনৰ অশান্তি দূৰ হ’ব। ঘৰত কোনো শুভ কাম হ’ব পাৰে। এই সময়ত ভূমি, ঘৰ আৰু গাড়ী কিনিব পাৰে। অৰ্থৰ অভাৱ নহ’ব। চাকৰিজীৱী সকলৰ পদোন্নতি হ’ব পাৰে। পৈতৃক সম্পত্তিৰ পৰা ভাল লাভ হ’ব।
সিংহ ৰাশি : পহিলা অক্টোবৰৰ পৰা সিংহ ৰাশিৰ জাতক–জাতিকাৰ ভাগ্য খোল খাব। ধন উপচি পৰিব। বহুদিন ধৰি ভুগি থকা ৰোগৰ পৰা মুক্তি পাব। বিদেশলৈ যোৱাৰ সুযোগ পাব পাৰে। চাকৰিজীৱীসকলৰ নতুন সুযোগ আহিব, এই সময়ত যি কামতে হাত দিব, তাতেই সফল হ’ব। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিব পাৰে। এই সময়ত ঘৰ–গাড়ী কিনাৰ যোগ আছে। যিসকল জাতক–জাতিকাৰ আইনী গোচৰ চলি আছে, তেওঁলোক জয়ী হ’ব পাৰে। আবদ্ধ হৈ থকা ধন ঘূৰি আহিব পাৰে।
ধনু ৰাশি : ধনু ৰাশিৰ জাতক–জাতিকাসকল ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱৰ ফলত লাভৱান হ’ব। বিশাল অৰ্থপ্ৰাপ্তিৰ যোগ আছে। অপ্ৰত্যাশিতভাৱে বিশাল সম্পত্তিৰ মালিকানা লাভ কৰিব। কাৰ্যালয়ত আপোনাৰ কাম প্ৰশংসিত হ’ব। সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক থাকিব। ব্যৱসায়ত ভাল লাভ কৰিব। কামৰ বাবে বাহিৰলৈ যোৱাৰ যোগ আছে। স্বাস্থ্য ভালে থাকিব। পাৰিবাৰিক সমস্যা দূৰ হ’ব। চাকৰিত বদলি আৰু পদোন্নতিৰ সম্ভাৱনা আছে। এই সময়ত আপোনাৰ আত্মবিশ্বাস বাঢ়িব। পৰিয়ালৰ সহযোগিতা লাভ পাব।

