Site icon Guwahati Times

২৪ ঘণ্টীয়া উত্‍কণ্ঠাৰ অৱসান! অৱশেষত উদ্ধাৰ হ’ল প্ৰাক্তন সাংসদ বিশ্বজিত্‍ দৈমাৰীৰ পুত্ৰ অমিতৰাজ

প্ৰায় ২৪ ঘণ্টীয়া উত্‍কণ্ঠাৰ অৱসান। উদ্ধাৰ হ’ল প্ৰাক্তন সাংসদ তথা বিজেপি নেতা বিশ্বজিত্‍ দৈমাৰীৰ পুত্ৰ অমিতৰাজ দৈমাৰী। বুধবাৰে চিৰাঙৰ পৰা উদ্ধাৰ কৰা হয় কিশোৰজনক। উল্লেখযোগ্য যে, মঙলবাৰৰ পৰা নিখোজ হৈ আছিল প্ৰাক্তন সাংসদগৰাকীৰ পুত্ৰ। ১৬ বছৰীয়া অমিতৰাজ ৰিয়েলিটী পাব্লিক স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ।

নিৰুদ্দিষ্ট ছাত্ৰজনক উদ্ধাৰৰ বাবে আৰক্ষীয়ে জোৰদাৰ গতিত চলাইছিল অভিযান।মঙলবাৰে দিনৰ প্ৰায় ১২.৩০ বজাত ৰিয়েলিটী পাব্লিক স্কুলৰ চৌহদৰ পৰাই সন্ধানহীন হৈছিল ছাত্ৰজন। আৰু অৱশেষত বুধবাৰে চিৰাঙৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ছাত্ৰজনক।

Exit mobile version