ৰাজ্যৰ ১৮খন জিলাৰ ২৫ হাজাৰ নিৱনুৱা যুৱক-যুৱতীক আত্মনিৰ্ভৰ কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ২ লাখকৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰ ভিত্তিত প্ৰথম কিস্তি হিচাপে আজি খানাপাৰা ফিল্ডত ২৫হাজাৰ যুৱক-যুৱতী, পুৰুষ-মহিলাক বিতৰণ কৰিলে ৭৫ হাজাৰ টকাৰ আৰ্থিক সাহায্যৰ চেক। লগতে, মুখ্যমন্ত্ৰীয়ে ক’লে, ২ লাখ টকাৰ ৭৫ হাজাৰ টকা আজি আৰু ২৫ হাজাৰ টকা নৱেম্বৰ ১০ তাৰিখৰ ভিতৰত সকলোৱে লাভ কৰিব নিজা বেংক একাউণ্টত। কিন্তু, তাৰ পূৰ্বে জিলা ভিত্তিত অনুষ্ঠিত হ’ব তিনিদিনীয়া এক প্ৰশিক্ষণ শিৱিৰ। আৰু সেই প্ৰশিক্ষণৰ অন্তত ২৫ হাজাৰ টকা লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে।
২৫ হাজাৰ নিবনুৱালৈ ৰাজ্য চৰকাৰে আগবঢ়ালে ৭৫ হাজাৰকৈ টকাৰ চেক

