Site icon Guwahati Times

৩১ মাৰ্চৰ ৰাশিফল, চাওক আপোনাৰ আজিৰ দিনটো কেনে যাব

ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে এইক্ষেত্ৰত প্ৰাধান্য় দিয়া হয় সূৰ্যক। সেইবাবে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন।

মেষ : প্ৰেম, কৰ্ম জীৱন, অৰ্থ, স্বাস্থ্য সকলো ক্ষেত্ৰতে দিনটো খুব সুন্দৰ হ’ব। সকলো বাধা দূৰ কৰি উন্নতিৰ সূচনা হ’ব।

বৃষ : অন্যমনস্কতাই গ্ৰাস কৰিব, সেয়ে যিকোনো ক্ষেত্ৰত বিশেষকৈ কোনো বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত অতিৰিক্ত মনোযোগ কাম্য।

মিথুন : আনৰ সৈতে যোগাযোগৰ মাজেৰে দিনটো পাৰ হ’ব, সেয়ে বক্তব্য স্পষ্ট আৰু স্বচ্ছ হোৱাটো একান্ত প্ৰয়োজন।

কৰ্কট : বন্ধু বা প্ৰতিৱেশী সূত্ৰে পোৱা তথ্য অনুসৰি পদক্ষেপ ল’ব পাৰে, মনৰ কথাত ৰৈ নাযাব।

সিংহ : দিনটো নানা ধৰণৰ খেলিমেলিৰ মাজেৰে পাৰ হ’ব।

কন্যা : সহজেই আনৰ মনৰ কথা বুজিব পাৰিব, সেই অনুসৰি পদক্ষেপ ল’লে উন্নতি অৱধাৰিত!

তুলা : সংবেদনশীল স্বভাৱ আৰু উপস্থিত বুদ্ধিৰ বাবে আনে আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব।

বৃশ্চিক : কৰ্মজীৱনত সফলতা নিশ্চিত, ভালপোৱা আৰু বন্ধুত্বৰ ক্ষেত্ৰত আজি ইতিবাচক দিন।

ধনু : সমমনস্কতাই আজি নতুন বন্ধু সৃষ্টিত সহায় কৰিব, সেইদৰে পুৰণি বন্ধুত্বৰ বান্ধোন দৃঢ় হ’ব।

মকৰ : দিনটো পিচলৈ চোৱাৰ বাবে নহয়, আত্মবিশ্বাসৰ সৈতে পদক্ষেপ লোৱা উচিত।

কুম্ভ : বন্ধু বা ব্যৱসায়ৰ অংশীদাৰৰ সৈতে স্পষ্টভাৱে কথা পাতিলে সমস্যাৰ সমাধান হ’ব।

মীন : কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা আছে, কিন্তু ব্যক্তিগত ক্ষেত্ৰত ভুল বুজাবুজি বাঢ়িব পাৰে।

Exit mobile version