Site icon Guwahati Times

৫০ বছৰ পিছত বিৰল সূৰ্যগ্ৰহণ, দিনতে হ’ব ঘোৰ অন্ধকাৰ, ৭.৫ মিনিট ধৰি আকাশত বিৰল দৃশ্য, কেতিয়া?

হোলীৰ ১৫ দিনত সূৰ্যগ্ৰহণ অৰ্থাৎ চ’ত অমাৱস্যাৰ দিনা। এই সূৰ্যগ্ৰহণ বিশেষ তাৎপৰ্যপূৰ্ণ, কাৰণ বিগত ৫০ বছৰত এনে এটাও সূৰ্যগ্ৰহণ হোৱা নাই। কোৱা হৈছে ৫০ বছৰ পিছত এনেধৰণৰ গ্ৰহণ হৈছে।

এই বছৰ সূৰ্যগ্ৰহণ হ’ব ৮ এপ্ৰিল অৰ্থাৎ চ’ত নৱৰাত্ৰিৰ দিনা। এই গ্ৰহণ বিগত অৰ্ধশতাব্দীৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ। এই পূৰ্ণগ্ৰহণৰ সময়ত, সৌৰ ডিস্ক ঢাক খাই পৰিব আৰু দিনটো আন্ধাৰ হৈ পৰিব।

শ্ৰী কল্লাজী বৈদিক বিশ্ববিদ্যালয়ৰ জ্যোতিষ বিভাগ মুৰব্বী ড০ মৃত্যুঞ্জয় তিৱাৰীয়ে জনাইছে এই গ্ৰহণৰ সময়। ভাৰতত যিসকলে সময়ৰ বিষয়ে জানিব বিচাৰে, তেওঁলোকক জনোৱা হৈছে যে এই গ্ৰহণৰ আংশিক পৰ্ব আৰম্ভ হ’ব ৮ এপ্ৰিলৰ নিশা আনুমানিক ০৯.১২ মিনিটত, পূৰ্ণগ্ৰহণ আৰম্ভ হ’ব নিশা ১০.০৮ বজাত।

চন্দ্ৰই সূৰ্যক সম্পূৰ্ণৰূপে ঢাকি ধৰিব নিশা ১১.৪৭ বজাত। পূৰ্ণগ্ৰাস গ্ৰহণ ৯ এপ্ৰিলৰ মাজনিশা ১.২৫ত শেষ হ’ব। আৰু আংশিক গ্ৰহণ শেষ হ’ নিশা ২.২২ বজাত।

এই সময়ত চন্দ্ৰ আৰু সূৰ্য কাষলৈ আহিব। দূৰত্ব থাকিব মাত্ৰ ৩,৬০,০০০ কিলোমিটাৰ। চন্দ্ৰই সূৰ্যক ঢাকি পেলাব। আৰু এটা সময়ত সূৰ্যগ্ৰহণৰ বাবে চাৰে ৭ মিনিটৰ বাবে সূৰ্যক দেখা নাযাব।

এয়া এক বিৰল মহাজাগতিক পৰিঘটনা। গ্ৰহণৰ সময়ত চন্দ্ৰৰ ছাঁই সম্পূৰ্ণৰূপে ঢাকিব পেলাব সূৰ্যক। শেষবাৰ সূৰ্যক ইমান সময় দেখা যোৱা নাছিল ১৯৭৩ চনত। আফ্ৰিকা মহাদেশৰ আকাশত ঘটিছিল এই পৰিঘটনা।

সূৰ্যগ্ৰহণ কেতিয়া হয়? যেতিয়া সূৰ্য চন্দ্ৰ আৰু পৃথিৱী এডাল সৰল ৰেখাত থাকিব আৰু চন্দ্ৰই সূৰ্যক কিছু সময়ৰ বাবে ঢাকি ধৰি তাৰ পোহৰ পৃথিৱীত পৰিবলৈ নিদিয়ে, সেই মুহূৰ্তক সূৰ্যগ্ৰহণ বোলা হয়।

দীৰ্ঘতম সূৰ্যগ্ৰহণ হ’ব ৮ এপ্ৰিলত। বিগত ৫০ বছৰৰ ভিতৰত ই হ’ব দীৰ্ঘতম সূৰ্যগ্ৰহণ। জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে, ইয়াৰ পিছত এনে দীৰ্ঘ সূৰ্যগ্ৰহণ হ’ব ২১৫০ চনত।

৮ এপ্ৰিলৰ এই সূৰ্যগ্ৰহণ মেক্সিকো, আমেৰিকা, কানাডা, মণ্টানা, নৰ্থ ডাকোটা, ছাউথ ডাকোটাৰ পৰা দৃশ্যমান হ’ব। কিন্তু ভাৰতত এয়া দেখা নাযাব। সেয়ে গ্ৰহণৰ সূতক কাল ভাৰতত কাৰ্যকৰী নহ’ব।

১৯৭০ চনত আমেৰিকাৰ এক সংবাদ পত্ৰই ভবিষ্যদ্বাণী কৰিছিল যে ২০২৪ চনত উত্তৰ আৰু মধ্য আমেৰিকাত সূৰ্যৰ পূৰ্ণগ্ৰহণ দেখা যাব। সেই সংবাদপত্ৰৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

Exit mobile version