Site icon Guwahati Times

ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য! আজি মানুহ বিহু

নতুন আশা-প্ৰত্যাশা লৈ আজি পহিলা ব’হাগ। অসমীয়া জনজীৱনৰ আয়ুসৰেখা এই ব’হাগ। নেদেখাজন, জ্যেষ্ঠজনৰ সেৱা লৈ নতুন বছৰৰ আৰম্ভণি। পুৱাতে নামঘৰ, মন্দিৰত ভিৰ ভক্তজনৰ। অসমৰ প্ৰতিটো প্ৰান্ততো এতিয়া বিহুৰ উল্লাস। প্ৰতিটো চুবুৰিৰ পৰা ভাহি আহিছে ঢোল, পেঁপা, গগনাৰ মাত। গৃহস্থৰ চোতালত হুঁচৰি দলৰ চুলি ছিঙি আশীৰ্বাদ। হাতত টকা লৈ বিহু মাৰিবলৈ ওলাইছে কণমানি নাচনীজনী। নতুন চুৰিয়াখন পিন্ধি বিহু মাৰিবলৈ সাজু মৰম লগা কণমানি ঢুলীয়াটো। ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে পৰম্পৰাগত খেল-ধেমালি।

Exit mobile version