ৰাতিটোৰ ভিতৰতে কোটিপতি হ’ল মাছ বেপাৰী বিনোদ কুমাৰ দাস। ৮ ঘণ্টাত সলনি হৈ গ’ল বিনোদৰ জীৱন। দুদিন আগলৈকে চাইকেলৰ কেৰিয়াৰত বান্ধি লোৱা ড্ৰামত ঘৰে ঘৰে মাছ বিক্ৰী কৰি ফুৰিছিল বিনোদে। নৈৰ ঘাটৰ পৰা পুৱাই কিনি লোৱা মাছখিনিৰ লগতে বিনোদৰ সাৰথি আছিল এটা এনৰয়ড ফোন। এক কথাত সেই মোবাইলটোৱেই সলনি কৰি দিলে বিনোদৰ জীৱন।
দিনৰ দিনটো মাছ বিক্ৰী হোৱাৰ পাছত মোবাইলটোৰ সৈতে পাৰ হয় বিনোদৰ সময়। তাতে বিনোদে গান শুনে, ক্ৰিকেট খেল চায়, অনলাইন গেম খেলে। মাছ, ক্ৰিকেট আৰু মোবাইলটোৰ সৈতে সাৰে থকাৰ বেছিভাগ সময় পাৰ কৰিছে বিনোদে। ১০ ছেপ্তেম্বৰৰ বিয়লি ভাৰত-পাকিস্তানৰ খেল চাবলৈ বহু লোকে টিভিৰ সন্মুখত বহি থকা সময়তো বিনোদ ব্যস্ত হৈ আছিল মোবাইলটোৰ সৈতে। অকলে অকলে বহি মোবাইলত খেলিছিল ড্ৰিম ইলেভেন।
৪৯ টকা এণ্ট্ৰি ফিজ দি দল গঠন কৰিছিল বিনোদে। যিমানে খেল আগবাঢ়িল সিমানে বাঢ়িল বিনোদৰ স্কোৰ। কিন্তু বৰষুণৰ বাবে সেইদিনা খেল বাতিলৰ কথা ঘোষণা কৰোঁতেই মনটো মৰি গ’ল বিনোদৰ। জিকাৰ পূৰ্ণ সম্ভাৱনা থকা খেলত বিনোদে পাৰ কৰিলে এটা নিদ্ৰাহীন নিশা। ১১ ছেপ্তেম্বৰৰ খেল আৰম্ভণিৰ সময়তো অনুকুল নাছিল বতৰ। সেইদিনা আৰম্ভণিতে মনটো টেঙাই গ’ল বিনোদৰ। কিন্তু এটা সময়ত খেল আৰম্ভ হ’ল। বিৰাট কোহলি আৰু লোকেশ ৰাহুলৰ বেটিং বিক্ৰমত তচনচ হৈ গ’ল পাকিস্তানৰ বলিং লাইনআপ। কলম্বোৰ প্ৰেমদাছা ষ্টেডিয়ামত সেইদিনা বিৰাট-ৰাহুলৰ শতৰাণৰ সুবাদত ৩৫৬ ৰাণৰ পাহাৰ গঢ়িবলৈ সক্ষম হ’ল ভাৰতে। প্ৰত্যুত্তৰত কুলদীপ যাদৱৰ লেগ স্পিনৰ যাদুত তাচপাতৰ ঘৰৰ দৰে খহিল পাকিস্তানৰ বেটিং লাইনআপ। ৩২ অভাৰত ১২৮ ৰাণতে পাকিস্তানক ইনিংছ সামৰিবলৈ বাধ্য কৰালে ভাৰতে। এছিয়া কাপৰ এই জয়েৰে ইতিহাস ৰচিলে ভাৰতে।
আচৰিতভাৱে ড্ৰিম ইলেভেনত বিনোদে গঠন কৰা টীমে কৰিলে জয়জয়কাৰ। ড্ৰিম ইলেভেনত অনলাইন গেম খেলি প্ৰথম পুৰস্কাৰ পালে বিনোদ কুমাৰ দাসে।
জিকাৰ পাছতো এই খবৰ নিজেই বিশ্বাস কৰিব পৰা নাছিল বিনোদে। পাছে মুখে মুখে বাগৰি পশ্চিমবংগৰ উত্তৰ দিনাজপুৰ জিলাৰ চাকুলীয়াৰ সৰ্বত্ৰে এই খবৰ বিয়পি পৰাৰ পাছত বিশ্বাস কৰিবলৈ বাধ্য হ’ল বিনোদে। মাছ বেপাৰী বিনোদে ড্ৰিম ইলেভেনৰ গেম খেলি ১ কোটি টকা পোৱাৰ খবৰ ল’বলৈ ঠাকুৰবাৰী দাস পাড়াৰ ঘৰ ভৰি পৰিল আলহি অতিথিৰে।
তেতিয়াহে ঘৰৰ মানুহে জানিব পাৰিলে বিনোদৰ অন লাইন গেম খেলা অভ্যাসৰ কথা।
বহু বছৰ ধৰি বিনোদে খেলি আছে ড্ৰিম ইলেভেন। ইতিমধ্যে ড্ৰিম ইলেভেন খেলি ৭০ হাজাৰ টকা লোকচান হৈছে বিনোদ কুমাৰ দাসৰ। কিন্তু তাৰ পাছতো আশা এৰি দিয়া নাছিল বিনোদে। আশা এৰি নিদিয়া বাবেই ড্ৰিম ইলেভেন গেম খেলি বিনোদে পালে ১ কোটি টকাৰ পুৰস্কাৰ। কিন্তু বিনোদৰ দৰে অন লাইন গেম খেলি লাখ লাখ টকা লোকচান হলেও পুৰস্কাৰৰ নামত আপুনি নাপাব পাৰে ফুটা কঢ়ি এটাও। গতিকে আশাক ভৰষা কৰি অনলাইন গেম খেলাটো বিপজ্জনকো।

