Site icon Guwahati Times

ৰাহুলক ৰাৱণ সজাই বিজেপিৰ টুইট, উভতি ধৰিছে কংগ্ৰেছে

বিজেপিৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ এটা টুইটে তোলপাৰ লগাইছে দেশ। য’ত ৰাৱণৰ ৰূপত দেখা গৈছে ৰাহুল গান্ধীক। টুইটত দেখা গৈছে যেন এখন চিনেমাৰ পোষ্টাৰ। পোষ্টাৰত এমুখ দাড়িৰে দেখা গৈছে ৰাহুল গান্ধীক। য’ত তুলি ধৰা হৈছে ভাৰত জোড়ো যাত্ৰাৰ সময়ৰ ৰাহুলৰ চেহেৰা। মুখভৰ্তি দাঢ়ি। ঠিক যেন এজন সাধাৰণ ভাৰতীয় মুখ। যি মুখে কোটি কোটি ভাৰতীয়ৰ অন্তৰ চুই যোৱা বুলি হয়তো সন্দেহ হৈছে বিজেপিৰ। সেই বাবেই বাচি বাচি ভাৰত জোড়ো যাত্ৰাৰ সময়ৰ ৰাহুল গান্ধীৰ এখন ফটোক ৰূপ দিয়া হৈছে লংকেশ্বৰৰ। ৰাৱণৰ।

ৰাহুলক পৰিধান কৰোৱা হৈছে ৰাৱণৰ দৰেই বৰ্ম। ৰাৱণৰ দৰেই সংযোজন কৰা হৈছে ১০টা মুৰ। ৰাৱণ ৰূপী ৰাহুলৰ পোষ্টাৰত লিখা আছে – এয়া নতুন যুগৰ ৰাৱণ। এখেত চয়তান। ধৰ্মবিৰোধী। ৰাম বিৰোধী। ভাৰত ধ্বংস কৰাই লক্ষ্য আধুনিক যুগৰ এইজনা ৰাৱণৰ।

চিনেমাৰ নাম দিয়া দি পোষ্টাৰত নামকৰণো কৰিছে বিজেপিয়ে। ‘ৰাৱণ’, প্ৰজোযনাঃ কংগ্ৰেছ, পৰিচালনাঃ জৰ্জ ছোৰচ। বিশ্বৰ বিভিন্ন ৰাজনৈতিক দলক আৰ্থিক অনুদান আগবঢ়োৱা হাংগেৰিয়ান-আমেৰিকান ব্যৱসায়ী জৰ্জ ছোৰচক প্ৰায়েই টাৰ্গেট কৰে বিজেপিয়ে। এইবাৰো সুযোগ পাই ৰাহুল গান্ধীৰ সৈতে সাঙুৰি দিলে মাল্টি মিলিয়নাৰ ব্যৱসায়ী জৰ্জ ছোৰচৰ নাম।

Exit mobile version