Site icon Guwahati Times

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ !

চুৰাটৰ এখন আদালতে বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ‘মোদী উপাধি’ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে ২০১৯ চনত তেওঁৰ বিৰুদ্ধে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰিছিল। ২ বছৰৰ বাবে ৰাহুল গান্ধীক কাৰাদণ্ডৰ ৰায় দিছিল আদালতে। অৱশ্যে আদালতৰ ৰায়ৰ পিছতে জামিন লাভ কৰিছিল ৰাহুল গান্ধীয়ে।

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ। ‘মোদী উপাধি’ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে খাৰিজ কৰা হ’ল ৰাহুল গান্ধীৰ সাংসদ পদ। কেৰালাৰ ৱাইনাদ সমষ্টিৰ সাংসদ ৰাহুল গান্ধী। লোকসভা সচিবালয়ে জাননীযোগে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ কথা ঘোষণা কৰে।

ৰাহুল গান্ধীৰ মন্তব্যৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) নেতা তথা বিধায়ক তথা গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোদীয়ে এটা অভিযোগ দাখিল কৰিছিল। ৱায়নাডৰ লোকসভাৰ সদস্য ৰাহুল গান্ধীয়ে ২০১৯ৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকৰ কোলাৰত এখন ৰাজহুৱা সভাত ‘মোদী’ উপাধিক লৈ এই মন্তব্য কৰিছিল।

সাংসদ পদ খাৰিজ হ’লেও নিজৰ সদস্যপদ ৰক্ষা কৰিবলৈ সকলো পথ বন্ধ হৈ যোৱা নাই ৰাহুল গান্ধীৰ। তেওঁ নিজক ৰক্ষাৰ বাবে উচ্চ ন্যায়ালয়ত আবেদন কৰিব পাৰিব। যদি চুৰাট ছেছন ক’ৰ্টৰ ৰায়ত স্থগিতাদেশ জাৰি কৰা হয়, তেতিয়া তেওঁৰ সদস্যপদ থাকিব পাৰে। হাইক’ৰ্টে যদি স্থগিতাদেশ জাৰি নকৰে তেন্তে তেওঁ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব পাৰিব। যদি উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰে তেতিয়াও তেওঁৰ সদস্যপদ ৰক্ষা হ’ব পাৰে। কিন্তু যদিহে উচ্চতম ন্যায়ালয়ে তেওঁক ৰেহাই নিদিয়ে তেন্তে ৮ বছৰৰ বাবে কোনো নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰিব।
Exit mobile version