গুৱাহাটী ষ্টেচনত ৫০ লাখ টকাৰ চোৰাং সোণসহ এজনক গ্রেপ্তাৰ

0 min read

চৰকাৰী ৰে’ল আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত গুৱাহাটী ষ্টেচনত নামনিমুৱা অবধ আছাম এক্সপ্রেছত অভিযান চলাই ৬ টুকুৰা সোণৰ বিস্কুটসহ এজন লোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ চৰকাৰী ৰে’ল আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পৰহি নিশা প্রায় ৯.৫০ বজাত নামনিমুৱা এক্সপ্রেছখনত অভিযান চলাই মন্তোষ মাহাতো নামৰ লোকজনৰ পৰা ৬ টুকুৰা চোৰাং সোণৰ বিস্কুট জব্দ কৰে৷

জব্দকৃত সোণৰ বিস্কুটকেইটাৰ ওজন ৯৯৮ গ্রাম৷ এই সোণখিনিৰ বজাৰ মূল্য প্রায় ৫০ লাখ টকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ ঘটনা সন্দর্ভত চৰকাৰী ৰে’ল আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ আৰক্ষীৰ জেৰাত ধৃত মাহাতোৱে মণিপুৰৰ পৰা সোণখিনি লৈ বাছেৰে ডিমাপুৰলৈ আহি নামনিমুৱা অবধ আছাম এক্সপ্রেছেৰে বিহাৰৰ মুজাফৰপুৰলৈ নিয়াৰ কথা আছিল৷

আৰক্ষীৰ জেৰাত আন্তঃৰাষ্ট্রীয় চোৰাং সৰবৰাহকাৰী চক্রটোৱে যুৱতী, মহিলা আৰু একাংশ যুৱকক এজেণ্ট হিচাপে নিয়োগ কৰি বহিঃৰাজ্যলৈ চোৰাং সোণ সৰবৰাহ কৰি অহা বুলি ধৃত সৰবৰাহকাৰী মন্তোষে স্বীকাৰোক্তি দিছে৷ লক্ষণীয় যে যোৱা ৯ অক্টোবৰত গুৱাহাটী ষ্টেচনত চৰকাৰী ৰে’ল আৰক্ষীয়ে অভিযান চলাই নামনিমুৱা ৰাজধানী এক্সপ্রেছৰ পৰা প্রায় ৪৭ লাখ টকা মূল্যৰ ৯৪০ গ্রাম চোৰাং সোণসহ ৰাজকুমাৰ পেটেল নামৰ এজন লোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷

কেন্দ্রীয় চৰকাৰে ক’ভিড–১৯ৰ নীতি–নির্দেশনা জাৰি কৰি ৰে’লৰ চলাচল আৰম্ভ কৰাৰ পাছৰে পৰা আন্তঃৰাষ্ট্রীয় চোৰাং সৰবৰাহকাৰী চক্রটোৱে ৰে’লেৰে বহিঃৰাজ্যলৈ সোণ সৰবৰাহ অব্যাহত ৰাখিছে৷

You May Also Like

More From Author