Site icon Guwahati Times

মোবাইলৰ অত্যধিক ব্যৱহাৰ পুৰুষৰ বাবে বিপজ্জনক; কমি যাব পাৰে শুক্ৰাণুৰ সংখ্যা..

যিসকল পুৰুষে অত্যধিক মোবাইল ফোন ব্যৱহাৰ কৰে তেওঁলোকে এতিয়া সাৱধান হোৱা উচিত। অন্যথা অনাগত দিনত ডাঙৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে। কাৰণ বিজ্ঞানীসকলে বাৰে বাৰে দাবী কৰি আহিছে যে দশক দশক ধৰি বিশ্বজুৰি শুক্ৰাণুৰ সংখ্যা হ্ৰাস পাই আহিছে। কিন্তু ইয়াৰ সঠিক কাৰণৰ অনুসন্ধান চলি আছে।

ইপিনে, তাৰমাজতে চুইজাৰলেণ্ডৰ এদল গৱেষকৰ গৱেষণা পত্ৰ পোহৰলৈ আহিছে। তাত শুক্ৰাণুৰ সংখ্যা হ্ৰাস পোৱাৰ বাবে মোবাইলৰ অত্যধিক ব্যৱহাৰকে দোষাৰোপ কৰা হৈছে।

গৱেষণা পত্ৰত প্ৰকাশ কৰা অনুসৰি চুইজাৰলেণ্ডৰ গৱেষকসকলে ২৪০০ যুৱকৰ বীৰ্যৰ নমুনা বিশ্লেষণ কৰে। এই গৱেষণা পত্ৰখন প্ৰকাশ পাইছিল Fertility and Sterility নামৰ আলোচনীখনত। তেওঁলোকে কয় যে তেওঁলোকে মোবাইল ফোনৰ অত্যধিক ব্যৱহাৰ, উচ্চ কম্পাঙ্ক আৰু কম শুক্ৰাণুৰ সংখ্যাৰ মাজত এক সম্পৰ্ক বিচাৰি পাইছে।

গৱেষণা মতে, বিভিন্ন ধৰণৰ ফোন ব্যৱহাৰকাৰীৰ মাজত শুক্ৰাণুৰ গতিশীলতাৰ কোনো পাৰ্থক্য পোৱা নগ’ল বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। লগতে ফোনটো বেগত ৰখাৰ পৰিৱৰ্তে পকেটত ভৰাই ল’লে শুক্ৰাণুৰ ঘনত্ব হ্ৰাস পোৱাৰো কোনো প্ৰমাণ পোৱা হোৱা নাই।

গৱেষকসকলে ২০০৫-২০১৮ চনলৈকে এই অধ্যয়নৰ বাবে জৰীপ চলাইছিল। তেওঁলোকে শুক্ৰাণুৰ সংখ্যাত ফোন ব্যৱহাৰ বৃদ্ধি আৰু কম ফোন ব্যৱহাৰৰ মাজত এক সম্পৰ্ক বিচাৰি পাইছিল। সেইবাবেই তেওঁলোকে অনুমান কৰিছে যে অত্যধিক ফোন ব্যৱহাৰ অতি সোনকালে বিপদজনক হৈ উঠিব পাৰে।

এই পেটাৰ্ণটো নতুন প্ৰযুক্তিলৈ পৰিৱৰ্তনৰ সৈতে সামঞ্জস্যপূৰ্ণ বুলি গৱেষকসকলে কয়। মূলতঃ ২জিৰ পৰা ৩জি আৰু ৪জিলৈ, আৰু ফোনটোৰ আউটপুট শক্তিৰ অনুৰূপ হ্ৰাস তেওঁলোকে লক্ষ্য কৰিছিল। মোবাইল ফোনত এনে কোনো উপাদান আছে যিয়ে প্ৰজনন ক্ষমতাত প্ৰভাৱ পেলাব পাৰে বা শুক্ৰাণুৰ সংখ্যা হ্ৰাস কৰিব পাৰে।

গৱেষণাৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে অত্যধিক ধূমপানো শুক্ৰাণুৰ সংখ্যা কম হোৱাৰ বাবে দায়ী। চৰ্বি, মদ্যপান, মানসিক চাপেও শুক্ৰাণুৰ সংখ্যা হ্ৰাস কৰিব পাৰে। ইয়াৰ উপৰিও ৰাসায়নিক আৰু প্লাষ্টিকৰ ব্যৱহাৰো ইয়াৰ বাবে দায়ী।

কেয়াৰ ফাৰ্টিলিটিৰ মুখ্য বৈজ্ঞানিক বিষয়া এলিছন কেম্পবেলে এই গৱেষণাক “চমৎকাৰ আৰু অভিনৱ” বুলি অভিহিত কৰিছে। তেওঁ গৱেষণাৰ লগত জড়িত নাছিল যদিও তেওঁ কয় যে সঘনাই ফোন ব্যৱহাৰ কৰা লোকৰ মাজত শুক্ৰাণুৰ সংখ্যা হ্ৰাস পোৱাৰ আন ব্যাখ্যা থাকিব পাৰে।

Exit mobile version