Site icon Guwahati Times

৫১ সংখ্যক মিঃ অসম বডী বিল্ডিং প্রতিযোগিতা…

এছ’চিয়েচন অৱ বডি বিল্ডিং, যোৰহাটৰ উদ্যোগত অনুষ্ঠিত ৫১ সংখ্যক মিঃ অসম বড়ী বিল্ডিং প্রতিযোগিতাত শোণিতপুৰ জিলাৰ ভৃগু শ‍ইকীয়াই মিঃ অসমৰ খিতাপ অৰ্জন কৰে। লগতে তেওঁ চেম্পিয়ন অৱ দ্য চেম্পিয়ন্‌ছৰ খিতাপো দখল কৰে।

আনহাতে, গুৱাহাটীৰ মৰমী গোৱালাই মিছ অসম খিতাপ লাভ কৰাৰ বিপৰীতে মিছ মডেল ফিজিক্‌চৰ খিতাপ জয় কৰে বৰ্ণালী বসুমতাৰীয়ে (কামৰূপ) । প্রতিযোগিতাত ডিব্ৰুগড়ৰৰ ঋষেক গৌতমে জুনিয়ৰ মিঃ অসম, কামৰূপৰ অৱনী দত্তই মাষ্টাৰ্ছ মিঃ অসম খিতাপ জয় কৰে । ল’ৰাৰ স্পৰ্টছ মডেল ফিজিকচৰ খিতাপ বজালীৰ বিক্ৰম ডেকাই আৰু মেন এথলেটিকছৰ খিতাপ যোৰহাটৰ ভাস্কৰজ্যোতি বৰাই জয় কৰে । প্রতিযোগিতাত কামৰূপে দলীয় খিতাপ আৰু ৰাণাৰ্ছ আপৰ সন্মান ঘৰুৱা দল যোৰহাটে লাভ কৰে । ৭ টা খিতাপৰ বাবে অনুষ্ঠিত প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন জিলাৰ ২২০ জন খেলুৱৈৰ লগতে ৪০ জন বিষয়ববীয়াই অংশগ্ৰহণ কৰে । উল্লেখ্য যে, ১৬ ডিচেম্বৰত আৰম্ভ হোৱা প্ৰতিযোগিতাখন দেওবাৰে নিশা সামৰণি পৰে ৷

প্ৰথম দিনা পুৱা ৰাজ্যিক সন্থাৰ পতাকা উত্তোলন কৰে ৰাজ্যিক সভাপতি প্ৰশান্ত বৰাই ৷ জিলাৰ পতাকা উত্তোলন কৰে দীপাংক খাৰঘৰীয়াই । প্ৰাৰম্ভিক প্রতিযোগিতাৰ

উদ্বোধন কৰে সুশীল জালানে । সন্ধিয়া মূল প্রতিযোগিতা উদ্বোধন কৰে যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে । প্রতিযোগিতাৰ বিজয়ীসকলৰ বাবে ট্ৰফী আগবঢ়ায় ৰেডিয়েন্টে । শ্ৰেষ্ঠ দলৰ নগদ ধন আৰু বঁটা প্ৰদান কৰে প্ৰাইম আছামে আৰু ৰাণাৰ্ছ আপ দলক পুৰস্কৃত কৰে যোৰহাটৰ মাৰোৱাৰী সন্মিলনৰ সভাপতি চঞ্চল কুণ্ডলীয়াই । অহা বছৰ ৫২ সংখ্যক মিঃ অসম প্রতিযোগিতাখন ধেমাজিত অনুষ্ঠিত হ’ব বুলি প্ৰকাশ কৰা হৈছে । অসম বডি বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছ’চিয়েচনৰ হৈ এই বাতৰি প্ৰেৰণ কৰিছে ভৱজ্যোতি গোস্বামীয়ে ।

Exit mobile version