Site icon Guwahati Times

কিদৰে উপাসনা কৰিলে ভগৱান শ্ৰীকৃষ্ণ সন্তুষ্ট হয় জানেনে ?

হিন্দু ধৰ্মত প্ৰতিটো উৎসৱৰে বিশেষ গুৰুত্ব আছে। ভাদ মাহৰ শুক্ল পক্ষৰ অষ্টম দিনা সমগ্ৰ দেশতে ধুমপানেৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হয়। এইবাৰ জন্মাষ্টমী ৬, ৭ ছেপ্টেম্বৰত দুদিনীকৈ পালন কৰা হ’ব। এই পবিত্ৰ দিনটোত বহুলোকে তেওঁলোকৰ মনোবাঞ্চা পূৰণৰ অৰ্থে উপবাস ৰাখে।কিন্তু কেতবোৰ বিশেষ নীতি-নিয়মৰ মাজেৰে উপাসনা কৰিলেহে ভগৱান শ্ৰীকৃষ্ণ ভক্তৰ প্ৰতি সন্তুষ্ট হয়। যদি আপুনিও এই জন্মাষ্টমীত প্ৰথমবাৰৰ বাবে উপবাস বা ব্ৰত ৰাখিবলৈ গৈ আছে, তেন্তে তলত উল্লেখ কৰা নিয়মবোৰ মানি চলিব-

নিৰামিষ খাদ্য খাব

জন্মাষ্টমীৰ উপবাস কৰাৰ আগদিনা অৰ্থাৎ ভাদ মাহৰ সপ্তমীৰ দিনটোত নিৰামিষ খাদ্য খাব।বিশ্বাস অনুসৰি, জন্মাষ্টমীৰ উপবাস সপ্তমীৰ দিনটোৰ পৰাই আৰম্ভ হয়।

ব্ৰতৰ সংকল্প লওঁক

জন্মাষ্টমীৰ ব্ৰত ৰখাৰ আগতে পূৱা সোনকালে উঠি গা ধুব। ইয়াৰ পাছত আপোনাৰ হাতত এটা তুলসীৰ পাত লৈ ব্ৰতৰ সংকল্প ল’ব।

শ্ৰীকৃষ্ণক পোছাক পিন্ধাব

ব্ৰতৰ সংকল্প গ্ৰহণৰ পিছত ভগৱান কৃষ্ণক শুদ্ধ মনেৰে উপাসনা কৰিব।ইয়াৰ পাছত আপোনাৰ গোঁসাইঘৰত থকা শ্ৰীকৃষ্ণৰ মূৰ্তি বা ফটোখন পঞ্চমৃতৰে ধুৱাই পৰিস্কাৰ কাপোৰ পিন্ধোৱাৰ লগতে নতুন মুকুট, মালা তথা বাঁহীৰে সজ্জিত কৰিব।

ব্ৰত কেনেদৰে সম্পূৰ্ণ কৰিব

ৰাতি ১২ বজাৰ পিছত অৰ্থাৎ শ্ৰী কৃষ্ণৰ জন্মৰ পিছত আপুনি উপবাস আৰম্ভ কৰিব পাৰে। দিনত ফালাহাৰ খাব পাৰে।কিন্তু মনত ৰাখিব যাতে সূৰ্যাস্তৰ পিছত পানী গ্ৰহণ নকৰে আৰু শ্ৰী কৃষ্ণৰ উপাসনা কৰি থাকে।

গৰুক খাদ্য খুৱাব

জন্মাষ্টমীৰ দিনা দৰিদ্ৰ লোকসকলক দান কৰিব লাগে। এই দিনটোত গৰুক খাদ্য খাবলৈ দিয়াটোও শুভ বুলি গণ্য কৰা হয়।

Exit mobile version