Site icon Guwahati Times

কুমাৰীকাটাত একেদিনাই জিলা পুথিভঁৰাল আৰু আদৰ্শ টয়লেটৰ আধাৰশিলা স্থাপন

কুমাৰীকাটাত একেদিনাই জিলা পুথিভঁৰাল আৰু আদৰ্শ টয়লেটৰ আধাৰশিলা স্থাপনঃ

 

আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ আৰ্থিক অনুদানেৰে এক মাংগলিক পৰিৱেশত আজি তামুলপুৰ জিলাৰ কুমাৰীকাটাত এটা জিলা পুথি ভৰালৰ আধাৰশিলা স্থাপন কৰে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্য বিলিয়াম টুডুৱে৷

আধাৰশিলা স্থাপন অনুষ্ঠানত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যবাসী সদস্য তীৰকু টুডু আৰু দৰঙ্গাজুলি সমষ্টিৰ এমচিএল এ বিজিৎ গৗৰা নাৰ্জাৰীৰ উপৰিও জনগোষ্ঠীটোৰ বিশিষ্ট ব্যক্তি নলবাৰী জিলা আছাৰ প্ৰাক্তন সভাপতি পৰমেশ্বৰ বাস্কে,আটছাৰ কেন্দ্ৰীয় সদস্য জেচাই বাগ,বকুল মাৰ্ডি, বাবুলাল টুডু, মহেজ মুৰ্মু,ইমানুৱেল মুৰ্মু,বালে হেমৰম আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে৷ ইফালে একেদিনাই আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ ২০লাখ টকা ব্যয় সাপেক্ষে কুমাৰীকাটাৰ নিকটৱৰ্তী পাহাৰপুৰত এটি আদৰ্শ টয়লেটৰ আধাৰশিলা স্থাপন কৰে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্য বিলিয়ন টুডুৱে৷

Exit mobile version