Site icon Guwahati Times

দাতৰ দাগ গুচাবলৈ এটি সহজ আৰু লাখটকীয়া টিপছ..

 

দাতৰ দাগ গুচাবলৈ এটি সহজ আৰু লাখটকীয়া টিপছ :-

সৰু বৰ সকলো লোকেই দাত দুবাৰকৈ ঘহিবব লাগে বুলি জানো আৰু কৰিও আহিছোঁ। আৰু এই দুবাৰকৈ দাত ঘহাৰ ফলতে বহুজনৰে দাত পৰিষ্কাৰো হৈ থাকে।

কিন্তু বহুলোকে চাধা, গূটখা, পান মছলা, চিগাৰেট, বিড়ি আদি সেৱন কৰাৰ ফলত টুথপেষ্ট আৰু ব্ৰাছেৰে ঘহাৰ পিছতো দাতত বহু দাগ ৰৈ যায় তাৰ বাবে তেওঁ মানুহৰ আগত ভালকৈ দাত উলিয়ায় হাঁহিব নোৱাৰে। আনকি পানীৰ বাবেও বহুতৰ দাতত দাগ ধৰা দেখা যায়।

এনে লোকৰ দাতৰ দাগ খেদিবলৈ এটি সুন্দৰ দিহা অৱলম্বন কৰক। এটি কোষ নহৰু ভালদৰে পিছি লব তাৰ লগত আধা চামুচ পকা বিলাহী ৰস মিহলাই দিব। এতিয়া আপুনি ব্যৱহাৰ কৰা টুথপেষ্টৰ পৰা অলপ পেষ্ট মানে যিমানখিনি আপোনাক এবাৰ দাত ঘহিবলৈ প্ৰয়োজন হয় সিমানখিনি মিশ্ৰণ টোত দিয়ক।

শেষত এই মিশ্ৰণৰ লগত অকণমান ছ’দা পাউদাৰ ( পৰিমাণত বুট মাহ এটাৰ সমান) লৈ গোটেই মিশ্ৰণ খিনি চামুছেৰে মিহলাই আপোনাৰ টুথব্ৰাছ ডালেৰে ভালকৈ দাত কেইটা ভিতৰে বাহিৰে ঘহক নিশ্চিত ভাবে সকলো দাগ নোহোৱা হ’ব।

Exit mobile version