Site icon Guwahati Times

গৰুখুটিকাণ্ডৰ পাছতে বৰপেটাত 144 ধাৰা জাৰি

দৰঙ জিলাত অসম চৰকাৰৰ প্ৰস্তাৱিত কৃষি প্ৰকল্প গৰুখুটিত বৃহস্পতিবাৰে চলা উচ্ছেদৰ সময়ত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিয়ে এতিয়া সমগ্ৰ ভাৰতবৰ্ষতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

সাম্প্ৰতিক পৰিস্থিতৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া ৰাজ্য চৰকাৰ সষ্টম হৈ পৰিছে পৰিস্থিত নিয়ন্ত্ৰণ কৰিবলৈ ৷ গৰুখুটিত সংঘটিত হোৱা ঘটনাটো স্পৰ্শকাতৰ হৈ পৰাৰ পাছতে বৰপেটা জিলা প্ৰশাসনে জিলাখনত 144 ধাৰা জাৰি কৰিছে যাতে পৰিস্থিতি নিয়ন্ত্ৰণাধীন হৈ থাকে ৷ বৰপেটা জিলাত যাতে ৰাজহুৱা শান্তি বিঘ্নিত নহয় তাৰ বাবে বৰপেটা জিলা উপায়ুক্ত তেজপ্ৰসাদ ভূশালে এক নিদেৰ্শনাযোগে জিলাখনত জাৰি কৰিছে 144 ধাৰা ৷

নিৰ্দেশনাটোৰ জৰিয়তে জিলাখনত প্ৰতিবাদ, সভা, শোভাযাত্ৰা আদি নিষিদ্ধ কৰাৰ লগতে ৫ জন বা ৫ জনতকৈ অধিক লেকৰ সমাগমৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে ৷ আনহাতে জিলাখনত যিকোনো সংগঠনৰ দ্বাৰা গ্ৰহণ কৰা সকলো আন্দোলনৰ কাৰ্যসূচীৰ ওপৰতো বাধা নিষেধ আৰোপ কৰা হৈছে ৷

জিলাখনত জাৰি কৰা ১৪৪ ধাৰা ভংগ কৰা সকলৰ বিৰুদ্ধে প্ৰয়োজনীয় শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকিয়নি প্ৰদান কৰিছে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূশালে ৷

Exit mobile version