Site icon Guwahati Times

ব্যায়ামৰ লাভালাভ, ব্যায়ামৰ আগতে কি কৰিব?

‘ব্যায়াম’-এক সৰ্বপৰিচিত শব্দ। ব্যায়াম বুলি ক’লে শৰীৰটোক সুস্থ ৰাখিবলৈ কৰা ক্ৰিয়া বা শাৰীৰিক সক্ৰিয়তাক বুজা যায়। এই সক্ৰিয়তা কিমান তীব্ৰ হ’ব লাগে আৰু কিমান নিয়মীয়াকৈ হ’ব লাগে সেয়া নিৰ্ভৰ কৰিব আপোনাৰ উদ্দেশ্যৰ ওপৰত।

উদ্দেশ্য যেনে- ওজন কম কৰা, শৰীৰৰ সুন্দৰ গঠন বজাই ৰখা, ৰোগ নিৰাময়ৰ চেষ্টা, মানসিক শান্তি পাবলৈ বা কোনো শাৰীৰিক ক্ষমতা বৃদ্ধিৰ প্ৰচেষ্টা কৰা সাধাৰণতে এনেবোৰ উদ্দেশ্য আগত ৰাখিয়ে মানুহে ব্যায়াম কৰা দেখা যায়। পৌৰাণিক ভাৰতীয় জীৱনশৈলী আৰু আয়ুৰ্বেদত ব্যায়ামক দৈনন্দিন কাৰ্যসূচীৰ অন্তৰ্ভূক্ত কৰা হৈছিল। কিয়নো সেই সময়ত শৰীৰক ৰোগ-ব্যাধিৰ পৰা আতৰাই ৰাখিবলৈ আৰু শক্তি বৃদ্ধি কৰিবলৈ পণ্ডিত সকলে ব্যায়ামৰেই পৰামৰ্শ দিছিল।

এতিয়া জানো আহক ব্যায়ামৰ লাভালাভৰ সম্পৰ্কে –

যদিও আজিৰ দিনত বিজ্ঞান প্ৰযুক্তিয়ে যথেষ্ট উন্নতি কৰিছে, শৰীৰক সুস্থ ৰাখিবলৈ ব্যায়ামৰ দৰে অন্যান্য প্ৰাকৃতিক প্ৰক্ৰিয়াবোৰৰ জনপ্ৰিয়তা হ্ৰাস পোৱা নায়। বৰঞ্চ আয়ুৰ্বেদিক চিকিৎসা আৰু প্ৰাসংগিক ব্যায়ামসূচীয়ে দেশ-বিদেশত অধিক প্ৰসাৰতা লাভ কৰিছে, কিয়নো আধুনিক সমাজখনে বুজিছে ব্যায়ামৰ লাভালাভ শৰীৰত কেনেকুৱা আৰু কিমান।আজিৰ দিনত ব্যায়ামৰ বহুতো ৰূপ বা ধৰণ আছে। এই ৰূপবোৰৰ বিৱৰণ, শৰীৰৰ পক্ষে ব্যায়ামৰ লাভালাভ, বিভিন্ন শাৰীৰিক পৰিস্থিতিত এইবোৰৰ প্ৰভাৱ আদিৰ বিষয়ে এই প্ৰৱন্ধটিত আলোচনা কৰা হʼব।

ব্যায়ামৰ আগতে কি কৰিব সেই সম্বন্ধে অৱগত হওঁক –

১) যথেষ্ট পৰিমাণে টোপনি লওঁক

২) শৰীৰৰ আৰ্দ্ৰতা বজাই ৰাখক

৩) পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক

৪) এক গতিশীল ৱাৰ্ম-আপত কাম কৰক

গতিকে এই দৈনিক ব্যস্ততাৰ সময়ত অলপ হলেওঁ সময় উলিয়াই সকৱলোৱে ব্যায়াম কৰা প্ৰয়োজন ।

Exit mobile version