ৰাজ্যত আৰম্ভ ১৮–৪৪ বছৰ বয়সৰ লোকক প্রতিষেধক প্রদান প্রক্রিয়া

0 min read

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ ব্যক্তিক ক’ভিড ভেকচিন দিয়াৰ যি ঘোষণা কৰিছিল সেয়া বুধবাৰৰ পৰা অসমত শুভাৰম্ভ হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত বুধবাৰে গুৱাহাটী প্রেছ ক্লাবত ১০০গৰাকী সাংবাদিক আৰু জি এম চি এইচত বিশেষভাৱে সক্ষম লোকক ভেকচিন প্রদান কৰা হয়৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে ৪৫ বছৰ ঊর্ধ্বৰ বয়সৰ লোকক ইতিপূর্বে ভেকচিন দিয়াৰ পদক্ষেপ গ্রহণ কৰিছে৷ দেশৰ অন্যান্য প্রান্তৰ লগতে অসমতো ৪৫ৰ ঊর্ধ্বৰ লোকসকলক নিয়মিত ৰূপত ভেকচিন দি থকা হৈছে৷

দেশত ক’ৰোনাৰ দ্বিতীয়টো ঢ়ৌৱে ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে যোৱা মাহত প্রধানমন্ত্রী মোদীয়ে ১ মে’ৰ পৰা ১৮ বছৰৰ পৰা ৪৪ বছৰৰ লোককো ভেকচিন প্রদানৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰে৷ সেই অনুসৰি যোৱা ২৮ এপ্রিলৰ পৰা এপযোগে পঞ্জীয়নৰ কাম আৰম্ভ হয়৷ মন কৰিবলগীয়া এয়ে যে ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ লোকক ভেকচিন প্রদানৰ দায়িত্ব ৰাজ্য চৰকাৰক ন্যস্ত কৰে৷ প্রধানমন্ত্রীৰ সেই ঘোষণাৰ পিছতেই অসম চৰকাৰে অকণো বিলম্ব নকৰাকৈ ১৮–৪৪ বছৰৰ লোকক ভেকচিন প্রদানৰ দায়িত্ব গ্রহণ কৰে৷

সেই অনুসৰি বুধবাৰৰ পৰা ভেকচিন প্রদানৰ কাম আৰম্ভ কৰে৷ মন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, ভেকচিন পর্যাপ্ত ৰূপত আহি পালেই সকলো লোককেই সামৰি লোৱা হ’ব৷ ইপিনে, গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সম্পাদক সঞ্জয় ৰায়ে এক বিজ্ঞপ্তিত ১৮–৪৪ বছৰ বয়সলৈ ভেকচিনেচন কেম্পৰ প্রথম কেম্প গুৱাহাটী প্রেছ ক্লাবত অনুষ্ঠিত কৰাৰ লগতে সাংবাদিকক সন্মুখৰ শাৰী যোদ্ধা ৰূপে স্বীকৃতি দি ভেকচিন প্রদানৰ ব্যৱস্থা হাতত লোৱাত অসম চৰকাৰ তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা জ্ঞাপন কৰে৷

You May Also Like

More From Author