Site icon Guwahati Times

অৰুণাচলত পিকনিকলৈ গৈ প্ৰাণ হেৰুৱালে লখিমপুৰৰ পৱিত্ৰই

ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত অৰুণাচল কিমিনৰ হাৱাই কেম্পত বনভোজ খাবলৈ গৈ নদীত পৰি প্ৰাণ হেৰুৱালে লখিমপুৰ এক্সিছ বেংকৰ এগৰাকী কৰ্মচাৰীয়ে। কিমিন নদীত পৰি প্ৰাণ হেৰুৱা যুৱকজনক লখিমপুৰৰ খেলমাটিৰ পবিত্ৰ বৰগোহাঁই (৩৫) বুলি জানিব পৰা গৈছে। উল্লেখ যে কালি যুৱকজনে এক্সিছ বেংকৰ সতীৰ্থসকলৰ লগত অৰুণাচলৰ হাৱাই কেম্পত পিকনিক খাৱলৈ গৈছিল । জানিব পৰা মতে কালি উক্ত যুৱকজন হঠাৎ হাৱাই কেম্পৰ সমীপৰ নদীত পৰি সন্ধানহীন হৈছিল। কালিৰে পৰা মৃতদেহ বিচাৰি হাবাথুৰি খাইছিল পৰিয়াল তথা বন্ধুবৰ্গই । কিন্তু উদ্ধাৰ কৰিব পৰা নাছিল যুৱকজনৰ মৃতদেহ। আজি বিয়লি এছ ডি আৰ এফয়ে দুৰ্ঘটনাটোৰ সংঘটিত হোৱাৰ স্থানৰ পৰা কিছু নিলগত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে। উল্লেখ যে মৃতদেহ উদ্ধাৰ হোৱা যুৱকজন লখিমপুৰ খেলমাটিৰ প্ৰয়াত প্ৰেম বৰগোহাঁইৰ পুত্ৰ আছিল। লক্ষ্যনীয় কথা যে যুৱকজনৰ পিতৃৰো ২৪ দিন পূৰ্বে মৃত্যু হৈছিল। মৃত্যুৰ সময়ত তেওঁ অৰিয়েণ্টেল ইঞ্চুৰেঞ্চত কৰ্মৰত পত্নী গীতামণি শইকীয়াসহ এগৰাকী পাঁচ বছৰীয়া কন্যা সন্তান এৰি গৈছে। ঘটনাটোৱে সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পেলাইছে।

Exit mobile version