Site icon Guwahati Times

এই তিনি লক্ষণ ভূলতো অবহেলা নকৰিব…

ডায়েবেটিছ ৰোগৰ তিনিটা সতৰ্কমুলক লক্ষণ অবহেলা নকৰিব :-

আপোনাৰ দেহত ডায়েবেটিছ ৰোগৰ আবিৰ্ভাৱ আপুনি গম পায় কিন্তু আপুনি অবহেলা কৰাৰ বাবেহে এই ৰোগ আপোনাৰ দেহত পুৰনি হৈ পৰে।

দেহত আবিৰ্ভাৱ হোৱা এই ৰোগে ঘাইকৈ তিনিটা লক্ষণৰে ব্যাক্তিবিশেষক সতৰ্ক কৰে :-

১) সঘনাই পেচাব কৰাৰ প্ৰৱণতা (polyurea) ।
২) সঘনাই পানীৰ পিয়াহ লগা (polydipsia) ।
৩) বেছিকৈ ভোক লগা (polyphagia)।

এই তিনিটা লক্ষণ অৰ্থাৎ এই “3 P” হৈছে ঘাই warning signs যাক আপুনি অবহেলা নকৰি সোনকালেই তেজৰ শৰ্কৰা (blood sugar) পৰীক্ষা কৰি নিশ্চিত হ’ব লাগে।

ইয়াৰ উপৰিও যেনে:- শৰীৰৰ দুৰ্বলতা, অনবৰতে ভাগৰ লগা, অভাৱনীয় ভাবে ওজন কমা, চকুৰে ধোৱা ধোৱা দেখা, সঘনাই পেচাবৰ জ্বলা-পোৰা অনুভৱ, ঘা দেৰিকৈ শুকুৱা, দেহৰ ছাল শুকান হৈ পৰা আৰু ছালৰ খজুৱতি হোৱা আৰু হাত-ভৰিৰ সিউ-সিয়নি অনুভৱ কৰা আদি এনেবোৰ লক্ষণ দেহত দেখা দিছে পলম নকৰি অভিজ্ঞ চিকিৎসকৰ ওচৰলৈ গৈ পৰীক্ষা কৰক আৰু উপযুক্ত চিকিৎসা কৰা বাঞ্চনীয়।

Exit mobile version